বুধবাৰে অৰ্থাৎ আজি বিয়লি ৪.৩০বজাত ২০সংখ্যক বৈঠক অনুষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ৷ এই কেবিনেট বৈঠক তৰুণ গগৈৰ শাসন কালৰ পিছত অনুষ্ঠিত হ'ব প্ৰথমবাৰলৈ কইনাধৰাত ৷ বুধবাৰে অৰ্থাৎ আজি বিয়লি ৪.৩০বজাত ২০সংখ্যক বৈঠক অনুষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ৷ এই কেবিনেট বৈঠক তৰুণ গগৈৰ শাসন কালৰ পিছত অনুষ্ঠিত হ'ব প্ৰথমবাৰলৈ কইনাধৰাত ৷ কইনাধৰাৰ অতিথিশালা ৷ এই অতিথিশালাটো আকৌ এবাৰ হৈ পৰিছে প্ৰাসংগিক ৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ছোৱাত অধিক সময় অতিবাহিত কৰিছিল কইনাধৰাত ৷ ২০১৬চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে দিছপুৰৰ দৰবাৰ দখল কৰাৰ বহুদিন পিছতহে কইনাধৰা এৰি তৰুণ গগৈয়ে সলনি কৰিছিল ঠিকনা ৷ তৰুণ গগৈৰ নতুন ঠিকনা হৈছিল চৰকাৰী মন্ত্ৰী আৱাসৰ ৭নম্বৰ আৱাসগৃহ ৷ ২০০১চনত মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত কইনাধৰাত থাকিবলৈ লৈছিল তৰুণ গগৈৰ ৷ তাৰ পূৰ্বে কইনাধৰা সততে ব্যৱহৃত হৈছিল সৰ্বভাৰতীয় কংগ্ৰেছৰ সন্মিলন সভাগৃহ হিচাপেহে ৷ ২০১৬ত ১৫বছৰীয়া গগৈ শাসনৰ যৱনিকা পৰাত মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালো কইনাধৰাতে থাকিব বুলি প্ৰায় সংখ্যক লোকে কৰি লৈছিল অনুমান ৷ কিন্তু সৰ্বানন্দ সোণোৱালে কইনাধৰাক ঠিকনা নকৰি ঠিকনা হিচাপে বাছি ল'লে উজানবজাৰস্থিত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাক ৷ উল্লেখ কৰিব পাৰি যে ২০১৮চনৰ জুলাইৰ ২৬তাৰিখে তৰুণ গগৈয়েও কইনাধৰাক বিদায় দি মন্ত্ৰী আৱাসৰ ৭নম্বৰ বাসগৃহটোক কৰি লৈছিল নিজৰ ঠিকনা ৷ এই দুই প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কইনাধৰা আৰু ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাক নিজৰ চৰকাৰী ঠিকনা কৰি লোৱাৰ বিপৰীতে ব্যতিক্ৰম বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঠিকনা অতিথিশালা কৰাৰ সলনি বাচি ল'লে মন্ত্ৰী আৱাসতে ৷ বুধবাৰে অৰ্থাৎ আজি বিয়লি ৪.৩০বজাত ২০সংখ্যক বৈঠক অনুষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ৷ এই কেবিনেট বৈঠক তৰুণ গগৈৰ শাসন কালৰ পিছত অনুষ্ঠিত হ'ব প্ৰথমবাৰলৈ কইনাধৰাত ৷ কেবিনেটৰ সিদ্ধান্ত কি হ'ব সেয়া পিছৰ কথা, কিন্তু কইনাধৰালৈ গৈ যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বহু পুৰণি স্মৃতিৰ পেৰা খোল খাব সেয়া অৱধাৰিত ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গগৈৰ শাসনকালত কেবিনেট মন্ত্ৰী হিচাপে কইনাধৰাতে ভাগ লৈছিল কেবিনেট বৈঠকত ৷ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ক'ত থাকিব সেই চৰ্চাত যদিও কইনাধৰা আংশিকভাৱে চৰ্চিত হৈছিল কিন্তু তাৰ তুলনাত হঠাৎ কেবিনেট বৈঠকৰ স্থান কইনাধৰা কৰাত অধিক প্ৰাসংগিক হৈ পৰিছে কইনাধৰা ৷
Published by: Kokil Sarma
First published: September 01, 2021, 07:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|