• Home
  • »
  • News
  • »
  • assam
  • »
  • দেওবাৰে অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক টেট পৰীক্ষা, ফলাফল কেতিয়া ঘোষণা কৰিব? পৰীক্ষাত বহাৰ পূৰ্বে জানি লওক সবিশেষ

দেওবাৰে অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক টেট পৰীক্ষা, ফলাফল কেতিয়া ঘোষণা কৰিব? পৰীক্ষাত বহাৰ পূৰ্বে জানি লওক সবিশেষ

পৰীক্ষাৰ বাবে কি কি নিয়ম থাকিব?

পৰীক্ষাৰ বাবে কি কি নিয়ম থাকিব?

পৰীক্ষাৰ বাবে কি কি নিয়ম থাকিব?

  • Share this:
ইতিমধ্যে ৰাজ্য চৰকাৰ সাজু হৈছে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে। সকলো ঠিকে থাকিলে অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত প্ৰদান কৰা হ’ব নিৰ্বাচিত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ। তাৰ মাজতে ৰাজ্যৰ শিক্ষা বিভাগ সাজু হৈছে উচ্চতৰ মাধ্যমিক টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ। অহা দেওবাৰে অৰ্থাত্‍ ১০ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা।

এইবাৰ উচ্চতৰ মাধ্যমিক টেট পৰীক্ষাত অৱতীৰ্ণ হ’ব প্ৰায় ২৩,৮৫৫ গৰাকী পৰীক্ষাৰ্থী।ইয়াৰে বাণিজ্য শাখাত ৮৩৫ গৰাকী, বিজ্ঞান শাখাত ৪৬৭৫ গৰাকী আৰু কলা শাখাত ১৮,৩৫৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। আনহাতে জানুৱাৰী শেষত নহ’লে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল।

পৰীক্ষাৰ বাবে কি কি নিয়ম থাকিব?

  • পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ এডমিট কাৰ্ড আৰু পৰিচয় পত্ৰহে নিব পাৰিব।

  • কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব।

  • পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ধৰা পৰিলে তেওঁৰ ফলাফল প্ৰকাশ কৰা নহ’ব।

  • সকলো পৰীক্ষা কেন্দ্ৰত থাকিব জামাৰ।

  • পল্টন বজাৰ বেংগলী বইজ হাইস্কুলত পৰীক্ষামূলক ভাবে বায়’মেট্ৰিক ব্যৱস্থা কৰা হ’ব।

Published by:Himangshu Bhuyan
First published: