• Home
  • »
  • News
  • »
  • assam
  • »
  • কেনেদৰে হ’ব এইবাৰ উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি? শিক্ষা বিভাগে মুকলি কৰিলে বিশেষ এপ

কেনেদৰে হ’ব এইবাৰ উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি? শিক্ষা বিভাগে মুকলি কৰিলে বিশেষ এপ

Source-Google

Source-Google

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ

  • Share this:
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ। উচ্চতৰ মাধ্যমিকৰ নামভৰ্ত্তিৰ বাবে এতিয়াৰে পৰা বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যাব নালাগে ছাত্ৰ ছাত্ৰী সকল। জটিল সময়ৰ বাবে উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি এইবাৰ হ’ব অনলাইন যোগে। বুধবাৰে অনলাইন যোগে নামভৰ্তিৰ বাবে জাননী জাৰি কৰিছে শিক্ষা বিভাগে।তাৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ এপ।

ছেবাৰ ৱেবচাইটত উপলব্ধ হ’ব ‘অন্বেষণ’ নামৰ নামভৰ্তি এপটো। ১৫ জুনৰ পৰা ৱেবচাইটত ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এই এপটো। যিকোনো চৰকাৰী মহাবিদ্যালয় অথবা বিদ্যালয়ত একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে এপটোৰ জৰিয়তে ২০ জুনৰ পৰা কৰিব পাৰিব প্ৰ-পত্ৰ পূৰণ।

অন লাইন যোগে নামভৰ্তিৰ অন্তিম তাৰিখ ধাৰ্য কৰি দিয়া হৈছে ৩০ জুন। ১ জুলাইত প্ৰকাশ পাব নিৰ্বাচিত শিক্ষাৰ্থীৰ তালিকা। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰধান শিক্ষকে কাট অৱ মাৰ্কৰ ভিত্তিত নিৰ্বাচিত কৰিব প্ৰাৰ্থী সকলক।
First published: