মুখ্যপৃষ্ঠা »খবৰ »অসম »HS Final Examination 2023: আজিৰ পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা, মুঠ ৩,৪২,৮৬৯গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ

HS Final Examination 2023: আজিৰ পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা, মুঠ ৩,৪২,৮৬৯গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ

পৰীক্ষাৰ্থীসকলক ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতে ভিন্ন ছাত্ৰ সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।

পৰীক্ষাৰ্থীসকলক ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতে ভিন্ন ছাত্ৰ সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।

পৰীক্ষাৰ্থীসকলক ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতে ভিন্ন ছাত্ৰ সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।

  • Share this:

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত আজিৰে পৰা ৰাজ্যত আৰম্ভ হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ৰাজ্যৰ মুঠ ৮৫৬টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈছে। এই পৰীক্ষাত মুঠ ৩,৪২,৮৬৯গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে (HS Final Examination 2023)।


কলা শাখাত সবাতোকৈ অধিক পৰীক্ষাৰ্থী ২,৭২,৫২৯ গৰাকীৰ লগতে ৪৭,৪৮৫গৰাকী বিজ্ঞান শাখাত, ২০,৯০৭ গৰাকী বাণিজ্য শাখাত আৰু বৃত্তিমূলক শাখাত ১,৯৪৮গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।


পৰীক্ষাক লৈ জিলা প্ৰশাসন, শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষা বিষয়াসকল সম্পূৰ্ণৰূপে প্ৰস্তুত আছিল আৰু আজি নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত কৰে। পৰীক্ষাৰ্থীসকলক ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতে ভিন্ন ছাত্ৰ সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে।

শেহতীয়া বাতৰি