ফেব্ৰুৱাৰী মাহত ঘোষণা কৰিব হাইস্কুল টেটৰ ফলাফল, ব’হাগ বিহুৰ পূৰ্বে পূৰণ কৰিব ২৩ হাজাৰ শিক্ষকৰ পদ

জনতা ভৱনত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
জনতা ভৱনত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
- News18 Assam
- Last Updated: January 25, 2020, 4:29 PM IST
সংবাদমেলত শৰ্মাই কয় যে, ইতিমধ্যে প্ৰায় ৯,৯৩৫ টা উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নিয়মীয়া শিক্ষক পদৰ বাবে বিজ্ঞাপন মুকলি কৰা ৰাজ্যৰ শিক্ষা বিভাগে অহা ৪৫ দিনৰ ভিতৰত আৰু প্ৰায় ৫ হাজাৰ শিক্ষক পদৰ বিজ্ঞাপন মুকলি কৰিব।
ইফালে হৈ যোৱা হাইস্কুল টেট পৰীক্ষাৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হ’ব বুলি জনাই মন্ত্ৰীগৰাকীয়ে। সেইদৰে ব’হাগ বিহুৰ আগতেই হাইস্কুলৰো প্ৰায় ৬ হাজাৰ শিক্ষক পদ পূৰণ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে। কিন্তু লক্ষ্য হ’ব ৮ হাজাৰ টা পদ পূৰণ।
ইয়াৰ উপৰিও অন্য কেতবোৰ ঘোষণা–
প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীলৈ ৪ যোৰ ইউনিফৰ্ম যোগান ধৰিব শিক্ষা বিভাগে।
নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীলৈও যোগান ধৰা হ’ব ইউনিফৰ্ম।
৪,৯৯৩ খন বিদ্যালয় প্ৰাদেশীকৰণ কৰা হ’ব ব’হাগ বিহুৰ আগত।