• Home
  • »
  • News
  • »
  • assam
  • »
  • এছিয়ান বক্সিং কনফেডাৰেচনৰ য়ুথ কমিচনৰ উপাধ্যক্ষ পদত অসমৰ ক্ৰীড়া সংগঠক হেমন্ত কলিতা

এছিয়ান বক্সিং কনফেডাৰেচনৰ য়ুথ কমিচনৰ উপাধ্যক্ষ পদত অসমৰ ক্ৰীড়া সংগঠক হেমন্ত কলিতা

বক্সিং এছিয়াত এনে সন্মান লাভ কৰা দেশৰ প্ৰথমজন সংগঠক হিচাপে চিহ্নিত হৈছে হেমন্ত কলিতা।

বক্সিং এছিয়াত এনে সন্মান লাভ কৰা দেশৰ প্ৰথমজন সংগঠক হিচাপে চিহ্নিত হৈছে হেমন্ত কলিতা।

বক্সিং এছিয়াত এনে সন্মান লাভ কৰা দেশৰ প্ৰথমজন সংগঠক হিচাপে চিহ্নিত হৈছে হেমন্ত কলিতা।

  • Share this:
অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ। অসম এমেচাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক তথা বক্সিং ইণ্ডিয়াৰ কোষাধ্যক্ষ হেমন্ত কলিতাক এছিয়ান বক্সিং কনফেডাৰেচনৰ য়ুথ কমিচনৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিশ্ব বক্সিঙৰ মুৰব্বী সন্থা আইবাৰ অধীনৰ এছিয়া মহাদেশৰ বিভিন্ন দেশৰ ১৩গৰাকীকৈ সংগঠকক লৈ গঠিত এই য়ুথ কমিচনত ভাৰতবৰ্ষৰ পৰা কেৱল হেমন্ত কলিতাই স্থান লাভ কৰিছে।

বক্সিং এছিয়াত এনে সন্মান লাভ কৰা দেশৰ প্ৰথমজন সংগঠক হিচাপে চিহ্নিত হৈছে হেমন্ত কলিতা। বক্সিং ইণ্ডিয়াৰ কোষাধ্যক্ষ হেমন্ত কলিতাই লাভ কৰা নতুন দায়িত্বৰ বাবে বক্সিং ইণ্ডিয়াৰ মুৰব্বী অজয় সিঙে অসমৰ হেমন্ত কলিতাক অভিনন্দন জনাইছে।

উল্লেখযোগ্য যে, হেমন্ত কলিতা বিগত সময়ত অলিম্পিক গেমছ, কমনৱেলথ গেমছ, এছিয়ান গেমছতো ভাৰতীয় দলৰ বিভিন্ন দায়িত্বত আছিল। দীৰ্ঘদিন ধৰি অসম বক্সিঙৰ সৈতে জড়িত হৈ আছে। হেমন্ত কলিতাৰ সফলতাৰ বাবে তেওঁক অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰেও অভিনন্দন জনাইছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি