চিকিৎসা প্ৰতিষ্ঠানৰ কেম্পাছত নিষিদ্ধ 'উত্তেজক' কাপোৰ, SSUHSৰ কঠোৰ নিৰ্দেশ

AMC, GMC, SMC সহ অসমৰ প্ৰায় আটাইবোৰ চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান এইখন বিশ্ববিদ্যালয়ৰ অধীনতে প্ৰদান কৰা হয়।

news18assam
Updated:April 29, 2019, 8:46 PM IST
চিকিৎসা প্ৰতিষ্ঠানৰ কেম্পাছত নিষিদ্ধ 'উত্তেজক' কাপোৰ,  SSUHSৰ কঠোৰ নিৰ্দেশ
AMC, GMC, SMC সহ অসমৰ প্ৰায় আটাইবোৰ চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান এইখন বিশ্ববিদ্যালয়ৰ অধীনতে প্ৰদান কৰা হয়।
news18assam
Updated: April 29, 2019, 8:46 PM IST
শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটী অব হেল্থ চায়েন্সৰ অধীনস্থ কৰ্মচাৰী আৰু শিক্ষকসকলৰ বাবে উপাধ্যক্ষাৰ এক বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি কৰ্মচাৰী আৰু শিক্ষকসকলে কৰ্মস্থলী বৰ্তাই ৰাখিবলৈ পিন্ধি আহিব নোৱাৰিব ‘উত্তেজক’ বস্ত্ৰ।

সুস্থ পৰিৱেশ বজাই ৰাখিবলৈ মহানগৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰত পিন্ধিব নোৱাৰিব এইসমূহ কাপোৰ। বিশ্ববিদ্যালয়খনে প্ৰস্তুত কৰি উলিয়াইছে এখন সাজ–পোছাকৰ তালিকা।

বিশ্ববিদ্যালয়ৰ উপাচৰ্যা দিপীকা ডেকাই জাৰি কৰা অধিসূচনাত বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰত পিন্ধিব নোৱাৰিব এই ১৬ বিধ কাপোৰ। যেনে– পাৰ্টীত পিন্ধি যোৱা কাপোৰ, পিকনিকত পিন্ধা কাপোৰ, টি–ছাৰ্ট, টাইট–ফিটিং আৰু ‘উত্তেজক’ কাপোৰ, মাইক্ৰ মিনিছ, গ’জী/ফ্লিমছী/ট্ৰান্সপেৰেণ্ট, শ্বৰ্ট, পেডেল পুছাৰছ্, লেগিংছ, টাইট্ছ, জগিং পেণ্ট, শ্লীপাৰ, পুৰুষে পিন্ধা চেণ্ডেল। লগতে নিষেধাজ্ঞা প্ৰদান কৰা হৈছে গহণাৰ ক্ষেত্ৰতো। যদিও অধিসূচনাত কোৱা হৈছে যে ধৰ্মীয় অনুমোদন, শাৰীৰিক অক্ষমতা আৰু অন্যান্য অনুৰূপ পৰিস্থিতিৰ বাবে নিৰ্দিষ্ট কেইবিধমান সাজক এই তালিকাৰ পৰা ৰেহাই দিয়া হৈছে।

জাননী অনুসৰি নিৰ্দেশনা উলংঘনকাৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ড্ৰেছ ক’ড নিষেধা়জ্ঞাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি।

উল্লেখযোগ্য যে গুৱাহাটীৰ নৰকাসুৰ পাহাৰত অৱস্থিত SSUHS গুৱাহাটী মেডিকেল কলেজ বিল্ডিঙত অৱস্থিত আৰু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ে নিজৰ পাঠ্যক্ৰম এইখন বিশ্ববিদ্যালয়ৰ অধীনতে চলাই আছে। এক কথাত ক’বলৈ গ’লে অসমৰ ৯৯% চিকিৎসা বিজ্ঞানৰ শিক্ষা এইখন বিশ্ববিদ্যালয়ৰ অধীনতে প্ৰদান কৰা হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি