• Home
  • »
  • News
  • »
  • assam
  • »
  • Keshab Mahanta : অমিক্ৰনৰ মুখামুখি হ’বলৈ সম্পূৰ্ণ সাজু ৰাজ্য চৰকাৰ, নতুন SOPক লৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ক’লে এইদৰে

Keshab Mahanta : অমিক্ৰনৰ মুখামুখি হ’বলৈ সম্পূৰ্ণ সাজু ৰাজ্য চৰকাৰ, নতুন SOPক লৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ক’লে এইদৰে

ল্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (File Photo)

ল্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (File Photo)

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লকডাউন, নতুন এছইঅ’পি সন্দৰ্ভতো স্পষ্ট কৰি দিয়ে সংবাদ মাধ্যমৰ আগত।

  • Share this:
কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। আজি সংবাদ মাধ্যমৰ আগত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অমিক্ৰন সন্দৰ্ভত ৰাজ্য চৰকাৰ কেনেদৰে প্ৰস্তুত তাক লৈ কৰিলে মন্তব্য। লগতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লকডাউন, নতুন এছইঅ’পি সন্দৰ্ভতো স্পষ্ট কৰি দিয়ে সংবাদ মাধ্যমৰ আগত।

অমিক্ৰন সন্দৰ্ভত কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কয়, ‘‘অমিক্ৰন অসমত হোৱা নাই, ভাৰতত বাঢ়িছে কিছু। অমিক্ৰনৰ মুখামুখি হ’বলৈ আমি সম্পূৰ্ণ প্ৰস্তুত আছো। নতুন এছঅ’পি অমিক্ৰন আহিলে ওলাব। তাৰ আগতে অমিক্ৰনক বাধা দিবলৈ আন্তঃৰাষ্ট্ৰীয় যিসকল ভ্ৰমণকাৰী তেওঁলোকৰ বাবে এছঅ’পি আছেই।’’

ইফালে, বিগত কিছুদিনত গুৱাহাটী মহানগৰীৰ কলেজত কোভিডৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱা দেখা গৈছে। গুৱাহাটী বিশ্ববিদ্যালয়, বি বৰুৱা কলেজৰ পিছতে দিছপুৰ কলেজত বহুকেইগৰাকী ছাত্ৰ–ছাত্ৰীৰ লগতে শিক্ষকো কোভিডত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে।

কলেজে কলেজে কোভিডৰ সংক্ৰমণক লৈ কেশৱ মহন্তই কয়, ‘‘কলেজ বুলিয়েই নহয়, যিকোনো স্থানতে যদি কোভিড বাঢ়ে, আমি এতিয়াও কোৱাৰেণ্টাইন কৰা বা সেই অনুষ্ঠানটো কিছুদিন বন্ধ ৰখাৰ ক্ষেত্ৰত উপায়ুক্তসকলক দায়িত্ব দিয়া আছে।’’

অমিক্ৰন আহিলে বা পৰৱৰ্তী সময়ত অসমত সম্পূৰ্ণ লকডাউন হোৱাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে সম্পূৰ্ণ লকডাউন কেতিয়াও নহয়। আমি ইয়াৰ পিছত সমান্তৰালভাৱে আগবাঢ়িম। কোভিড চলি থাকিব, লগতে স্বাভাৱিক জীৱনযাত্ৰাও চলি থাকিব।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি