ভুৱা কৰ্মচাৰীক চাকৰিৰ পৰা চাটাই স্বাস্থ্য বিভাগৰ!

জাল নিযুক্তি–পত্ৰৰে চাকৰি লোৱা ৰাজ্যৰ ৪০২ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন ৰাজ্য চৰকাৰৰ

news18assam
Updated:June 13, 2019, 5:38 PM IST
ভুৱা কৰ্মচাৰীক চাকৰিৰ পৰা চাটাই স্বাস্থ্য বিভাগৰ!
জাল নিযুক্তি–পত্ৰৰে চাকৰি লোৱা ৰাজ্যৰ ৪০২ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন ৰাজ্য চৰকাৰৰ
news18assam
Updated: June 13, 2019, 5:38 PM IST
অভিযোগ অনুসৰি কংগ্ৰেছ চৰকাৰৰ দিনত জাল নিযুক্তি–পত্ৰৰে চাকৰি লোৱা স্বাস্থ্য বিভাগৰ ৪০২ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক চাকৰিৰ পৰা চাটাই কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। ইতিমধ্যে স্বাস্থ্য সেৱা সঞ্চালকায়ৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ স্বাস্থ্য বিভাগৰ কাৰ্যালয়লৈ ভুৱা কৰ্মচাৰী সকলক চাকৰিৰ পৰা অব্যাহতি দিবলৈ নিৰ্দেশ জাৰি কৰিছে। সুুত্ৰ অনুসৰি কংগ্ৰেছ চৰকাৰৰ শাসন কালত ২০০৮ ৰ পৰা ২০১২ বৰ্ষৰ ভিতৰত বিভিন্ন জাল নিযুক্তি প্ৰত্ৰৰ জৰিয়তে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী হিচাপে বিভিন্ন জিলাত চাকৰিত যোগদান কৰে । লখিমপুৰ, শিৱসাগৰ, ডিব্ৰুগড়কে ধৰি বিভিন্ন জিলাত চাকৰিত যোগদান কৰিছিল এই সকল কৰ্মচাৰীয়ে। পিছত বিষয়তো সম্পৰ্কত স্বাস্থ্য বিভাগৰ দৃষ্টিগোচৰ হোৱাত কৰ্মচাৰীসকলৰ নিযুক্তি প্ৰত্ৰ স্ক্ৰীনিঙৰ ব্যৱস্থা কৰা হৈছিল। শেহতীয়াকৈ তেওঁলোকৰ নিযুক্তি ভুৱা বুলি প্ৰমাণিত হোৱাৰ পিছতে এতিয়া এই সিদ্ধান্ত লৈছে বিভাগটোৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি