உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid 19 : কোভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ, কোভিড চিকিৎসাৰ বাবে ৰাজ্যত ৮৫৩৯ খন বিচনা সাজু

    Covid 19 : কোভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ, কোভিড চিকিৎসাৰ বাবে ৰাজ্যত ৮৫৩৯ খন বিচনা সাজু

    প্ৰতিখন জিলাৰ উপাযুক্তলৈ প্ৰেৰণ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশ৷ পহিলা জানুৱাৰীৰ তুলনাত ক্ৰমান্বয়ে কোভিড সংক্ৰমণৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷

    • Share this:
    সাজু হৈছে সমগ্ৰ দেশ৷ সাজু হৈছে অসমো৷ কোভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে চৰকাৰ৷ কিয়নো শেহতীয়াকৈ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা৷ কোভিডৰ চিকিৎসাৰ বাবে ৰাজ্যত ৮ হাজাৰ ৫শ ৩৯ খন বিচনা সাজু৷ ইয়াৰে আইছ'লেচন বিচনা ৪ হাজাৰ ৯ শ ৯১খন৷ অক্সিজেন সহায়ক বিচনা ২ হাজাৰ ৬ শ ১৩খন৷ ICU বিচনা ২ শ ৮৫ খন৷ ICUৰ সতে ভেণ্টিলেটৰ ৬ শ ৫০ খন৷ বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত সাজু কৰা কোভিড বিচনা সৰ্বমুঠ ১ হাজাৰ ৫ শ ৩খন৷ ইয়াৰে অক্সিজেনযুক্ত ৩ শ ৩৮ খন, ICU ৩শ ৩৬খন ৷

    কোভিড চিকিৎসাৰ বাবে মহেন্দ্ৰ মোহন হাস্পতালৰ ২৭২খন বিচনাযুক্ত এটা বিল্ডিং ভঙাৰ নিৰ্দেশ স্থগিত ৰাখিলে স্বাস্থ্য বিভাগে৷ দুমাহৰ বাবে চিকিৎসালয়খন প্ৰয়োজন অনুসৰি হ’ব কোভিডৰ চিকিৎসা৷ ইমানেই নহয়, জৰুৰীকালীন বাবে ৰাজ্যত সৰ্বমুঠ ২৫ হাজাৰ ৰোগীক একেলগে চিকিৎসা কৰিব পৰাকৈ পূৰ্বে চিনাক্ত কৰি ৰখা প্ৰতিখন হাস্পতাল সাজু কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ প্ৰতিখন জিলাৰ উপাযুক্তলৈ প্ৰেৰণ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশ৷ পহিলা জানুৱাৰীৰ তুলনাত ক্ৰমান্বয়ে কোভিড সংক্ৰমণৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ যাক লৈ অধিক সতৰ্কতা অৱলম্বন কৰিছে স্বাস্থ্য বিভাগে৷ পূৰ্বে জাৰি কৰা সকলো কোভিড বিধি মানি চলাৰ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ৷
    Published by:Sanjay Kumar Das
    First published: