‘জে’লত নথকা হেতেন এজন নেতাই আজি সন্দেহজনক লোকৰ পক্ষ ললে হেতেন’, চকীঘাটত খিলঞ্জীয়াক আক্ৰমণ ট্ৰেইলাৰহে- মৃণাল শইকীয়া

News18 Assam | News18-Assam
Updated:August 2, 2020, 8:13 AM IST
‘জে’লত নথকা হেতেন এজন নেতাই আজি সন্দেহজনক লোকৰ পক্ষ ললে হেতেন’, চকীঘাটত খিলঞ্জীয়াক আক্ৰমণ ট্ৰেইলাৰহে- মৃণাল শইকীয়া
‘অসমত এতিয়া দুটা পাৰ্টি আছে ৷ এটা পাকিস্তানপন্থী আৰু আনটো হিন্দুস্থানপন্থী৷’- বিজেপি বিধায়ক মৃণাল শইকীয়া

‘অসমত এতিয়া দুটা পাৰ্টি আছে ৷ এটা পাকিস্তানপন্থী আৰু আনটো হিন্দুস্থানপন্থী৷’- বিজেপি বিধায়ক মৃণাল শইকীয়া

  • Share this:
বৃহস্পতিবাৰে জামুগুৰিহাটৰ চকীঘাটত হাতে হাতে দা, লাঠী লৈ খিলঞ্জীয়াৰ ওপৰত সংন্দেহজনক লোকে আক্ৰমণ কৰাৰ ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ নিজৰ ভুমিৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যাওতে ৰাজহচক্ৰ বিষয়া আৰু জামুগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে ১২ জন লোক হৈছিল আহ ৷ সন্দেহযুক্ত নাগৰিকৰ আক্ৰমণত থলুৱা যুৱক আহত হোৱাৰ পিছতে আজি চকীঘাট অঞ্চল পৰিদৰ্শন কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগত চকীঘাটত উপস্থিত হোৱা মৃণাল শইকীয়াই কিছুমান জাতীয় সংগঠন,ভুৱা বুদ্ধিজীৱিৰ সাহসত সন্দেহযুক্ত লোকে এনেদৰে খিলঞ্জীয়াক আক্ৰমণ কৰিবলৈ সাহস পাইছে বুলি মন্তব্য কৰে৷ লগতে তেওঁ কয় যে, ‘এই আক্ৰমণ হৈছে ট্ৰেইলাৰ, আচল চিনেমা এতিয়াও বাকী আছে৷ সেইবাবেই অসমৰ ৰাইজে যিকোনো কাম কৰোতে, যিকোনো আন্দোলনত ভাগ লওতে ভাবি চিন্তি লব লাগে৷ কাজিৰঙাত উচ্ছেদ চলাওতে এগৰাকী নেতাই বাধা দিছিল ৷ আজি যদি সেইজন নেতা মুকলি আকাশৰ তলত থকা হেতেন নিশ্চিতভাৱে সন্দেহজনক নাগৰিকৰ পক্ষ লৈ উচ্ছেদ চলাওতে বাধা দিলে হেতেন। সন্দেহজনক নাগৰিকে দৰং, মৰিগাওঁ আৰু নগাওঁ গ্ৰাস কৰিলে ৷ এতিয়া তেওঁলোকৰ পৰিকল্পনা শোণিতপুৰখন কব্জা কৰা আৰু বিৰোধীয়ে তেওলোকক উচটনি দিছে৷’

বিধায়ক শইকীয়াই লগতে কয়- অসমত এতিয়া দুটা পাৰ্টি আছে ৷ এটা পাকিস্তানপন্থী আৰু আনটো হিন্দুস্থানপন্থী৷ অসমৰ বিৰোধী পাকিস্তানপন্থী৷ বিধানসভাৰ অধিবেশনত পাকিস্তানপন্থী কংগ্ৰেছৰ বিধায়কে ৰোহিংগীয়াক অসমলৈ আনিবলৈ যুক্তি দিয়ে ৷ আচলতে বিৰোধীয়ে বিচাৰে পাকিস্তান পন্থী সন্দেহজনক নাগৰিকে সদায় অসমত মাফিয়াৰাজ চলাই থকাটো ৷ আমাৰ হিন্দুস্তান পন্থীয়ে মাৰ খাই থাকিলেই তেওঁলোক সুখী ৷ তাকে নকৰি পদ্ম হাজৰিকাৰ দৰে এজন নেতাই  সন্দেহজনক নাগৰিকৰ বিৰোদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে তেওলোকে এতিয়া ৰাজনীতি আৰম্ভ কৰিছে ৷ হাতত চৰকাৰী অনুজ্ঞাপত্ৰ থকা বন্দুক লোৱাৰ বাবে সমালোচনা কৰিছে ৷’

লাচিতৰ দেশৰ যুৱক পদ্ম হাজৰিকাই হাতত বন্দুক নলৈ ফুলৰ মালা লব নেকি ? আমি লাচিতৰ দেশৰ যুৱক আৰু সেইবাবেই ময়ো বন্দুক হাতত লৈ বিভিন্ন ঠাইলৈ যাও ৷ বিধায়ক মৃণাল শইকীয়াই লগতে কয় যে,  যতেই খালি মাটি দেখে তাতেই সন্দেহজনক নাগৰিকে সৰু সৰু জুপুৰি ঘৰ পাতে ৷ কোনোবা দিনা বিহু পাতি দিব , কোনোবা দিনা গামোচা এখন কান্ধত লব৷ কোনোবা দিনা আকৌ হীৰেণ গোহাঁইৰ দৰে বুদ্ধিজীৱীক মাতি আনি গামোচা পিন্ধাব আৰু লগে লগে হৈ গ'ল তেওঁলোকৰ এখন চাৰ্টিফিকেট যে, তেওঁলোক  অসমীয়া ৷’- এনেদৰে তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰে খুমটাইৰ বিধায়কজনে।
Published by: Himangshu Bhuyan
First published: August 2, 2020, 8:13 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading