মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজ্যত ভয়ংকৰ ৰূপত মাৰাত্মক এইড্ছৰ সংক্রমণ, শীৰ্ষত কামৰূপ মহানগৰ জিলা

ৰাজ্যত ভয়ংকৰ ৰূপত মাৰাত্মক এইড্ছৰ সংক্রমণ, শীৰ্ষত কামৰূপ মহানগৰ জিলা

News18 Assam | News18-Assam
Updated:September 11, 2021, 1:47 PM IST
ৰাজ্যত ভয়ংকৰ ৰূপত মাৰাত্মক এইড্ছৰ সংক্রমণ, শীৰ্ষত কামৰূপ মহানগৰ জিলা
৩১ জিলাত ২০ হাজাৰৰো অধিক লোক HIVত আক্ৰান্ত

৩১ জিলাত ২০ হাজাৰৰো অধিক লোক HIVত আক্ৰান্ত

  • News18 Assam
  • Last Updated: September 11, 2021, 1:47 PM IST
  • Share this:
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে এইডছ আক্রান্ত ৰোগীৰ সংখ্যা ৷ সচেতনতাৰ অভাৱ আৰু ব্যাপক হাৰত গ্রহণ কৰা ড্রাগছৰ বাবে ৰাজ্যৰ ৩১খন জিলাত চলিত বর্ষৰ ৩০ জুনলৈকে HIVত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ২০,০৮৫জনলৈ ৷ আক্রান্তৰ শীর্ষত আছে কামৰূপ মহানগৰ জিলা ৷ এই জিলাখনত HIVত আক্রান্তৰ সংখ্যা হ’ল ৬,৮৮৮জন ৷

ৰাজ্যৰ কেইবাখনো জিলা কাৰাগাৰত অবাধ ড্রাগ্ছৰ প্রচলনৰ বাবে ব্যাপক হাৰত বৃদ্ধি পাইছে HIV পজিটিভ ৰোগীৰ সংখ্যা ৷ এইক্ষেত্রত মৰিগাঁও, নগাঁও আৰু নলবাৰী জিলাত কয়দীৰ মাজত অবাধ ড্রাগ্ছৰ প্রচলনৰ ফলত বৃদ্ধি পাবলৈ লৈছে এইড্ছৰ সংক্রমণ ৷ বিগত সময়ছোৱাত এই জিলাকেইখনত HIV ৰোগীৰ সংখ্যা নাছিল যদিও জিলাকেইখনৰ কাৰাগাৰত ড্রাগ্ছ সেৱন তথা ইনজেকচনৰ জৰিয়তে ড্রাগ্ছ লোৱাৰ ফলত ক্রমাৎ বৃদ্ধি পাব লৈছে এইড্ছৰ সংক্রমণ ৷

শেহতীয়াকৈ স্বাস্থ্য বিভাগে চলোৱা পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে ৷ অপৰাধী হিচাপে জে’ললৈ অহাৰ পূর্বে এইসকল লোকে পৰিয়ালৰ সংস্পর্শত থকাৰ ফলত পত্নী অথবা সন্তানো শেহতীয়াকৈ এইড্ছৰ সংক্রমণৰ চিকাৰ হৈছে ৷ ফলত ক্রমাৎ বৃদ্ধি পাবলৈ লৈছে HIVত আক্রান্তৰ সংখ্যা ৷ সেয়েহে এইক্ষেত্রত অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্রণ সমিতি আৰু স্বাস্থ্য বিভাগে এইড্ছ প্রতিৰোধৰ ক্ষেত্রত এক বিশেষ লক্ষ্যৰে আগবাঢ়িছে ৷

স্বাস্থ্য বিভাগৰ প্রধান সচিবজনে প্রকাশ কৰা মতে, ২০২৪ চনলৈ ৯৫–৯৫–৯৫ এই লক্ষ্যৰে HIV আক্রান্ত ৰোগীক চিনাক্ত কৰা হ’ব ৷ অর্থাৎ আক্রান্তসকলৰ ৯৫ শতাংশই তেওঁলোকৰ শাৰীৰিক অৱস্থাৰ কথা জানিব লাগিব ৷ একেদৰে ৯৫ শতাংশই তেওঁলোক যে, এইচআইভিৰ দ্বাৰা আক্রান্ত আৰু তেওঁলোকৰ যে চিকিৎসাৰ প্রয়োজন, সেয়া জানিব লাগিব ৷ আনহাতে চিকিৎসাধীন হৈ থকা ৯৫ শতাংশই তেওঁলোকে যে এই ৰোগ সংক্রমিত কৰিব পাৰে, সেয়া জনাৰ আৱশ্যক হ’ব ৷

কামৰূপ (মহানগৰ) জিলাত শেহতীয়াকৈ এইচআইভি ৰোগীৰ সংখ্যা সর্বাধিক হোৱাৰ বিপৰীতে ৪,৬০৯জন এইচআইভি ৰোগীৰ সৈতে দ্বিতীয় স্থানত আছে কাছাৰ জিলা আৰু ১,২৪৫জন ৰোগীৰে তৃতীয় স্থানত আছে ডিব্রুগড় জিলা ৷ ইফালে, বৰপেটাত ৪৩০জন, বঙাইগাঁৱত ৩৯৩জন, ধুবুৰীত ২৮২জন, গোলাঘাটত ৫১৬জন, ডিমা হাছাওত ১৪৭জন, গোৱালপাৰাত ১৭৩জন, যোৰহাটত ৬৫৪জন, কামৰূপত ৪৪৪জন, কার্বি আংলঙত ৩৪২জন, কৰিমগঞ্জত ৭২৯জন, কোকৰাঝাৰত ২৯৩জন, লখিমপুৰত ১৩৫জন, মৰিগাঁৱত ১৫০জন, নগাঁৱত ৮১১জন, নলবাৰীত ১৪৩জন, শিৱসাগৰত ১৯৮জন, শোণিতপুৰত ৫৩৯জন, তিনিচুকীয়াত ২৪৬জন, দৰঙত ১৪৬জন, ধেমাজিত ১১৫জন ৰোগী এইচআইভিত আক্রান্ত হৈ আছে ৷

অৱশ্যে ইয়াৰ বিপৰীতে বজালী, পশ্চিম কার্বি আংলং, দক্ষিণ শালমাৰাৰ এজনো এই ৰোগত আক্রান্ত ৰোগী নাই ৷ আনহাতে চৰাইদেউত এজন আৰু মাজুলীত এইচআইভিত আক্রান্ত হৈ আছে চাৰিজন ৰোগী৷ উল্লেখযোগ্য যে,সজাগ আৰু সচেতন নহলে ইয়াতকৈ ৰাজ্যত ভয়াৱহ পৰিস্থিতি হ'ব।
Published by: Himangshu Bhuyan
First published: September 11, 2021, 1:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি