• Home
  • »
  • News
  • »
  • assam
  • »
  • Muslim Student In Assam : বিদ্যালয়ত ৪০শতাংশ মুছলমানৰ নামভৰ্তিৰে শীর্ষত অসম। জনসংখ্যাৰ অনুপাতৰ হুবহু প্ৰতিফলন।

Muslim Student In Assam : বিদ্যালয়ত ৪০শতাংশ মুছলমানৰ নামভৰ্তিৰে শীর্ষত অসম। জনসংখ্যাৰ অনুপাতৰ হুবহু প্ৰতিফলন।

তথ্য অনুসৰি অসমত মুছলমান জনসংখ্যা প্ৰায় ১ কোটি ৪৬ লাখ । ই সৰ্বমুঠ জনসংখ্যাৰ ৪০.০৩ শতাংশ। গতিকে জনসংখ্যাৰ এই অনুপাত বিদ্যালয়ৰ নামভৰ্তিত বাৰুকৈয়ে প্ৰতিফলিত হৈছে।

তথ্য অনুসৰি অসমত মুছলমান জনসংখ্যা প্ৰায় ১ কোটি ৪৬ লাখ । ই সৰ্বমুঠ জনসংখ্যাৰ ৪০.০৩ শতাংশ। গতিকে জনসংখ্যাৰ এই অনুপাত বিদ্যালয়ৰ নামভৰ্তিত বাৰুকৈয়ে প্ৰতিফলিত হৈছে।

তথ্য অনুসৰি অসমত মুছলমান জনসংখ্যা প্ৰায় ১ কোটি ৪৬ লাখ । ই সৰ্বমুঠ জনসংখ্যাৰ ৪০.০৩ শতাংশ। গতিকে জনসংখ্যাৰ এই অনুপাত বিদ্যালয়ৰ নামভৰ্তিত বাৰুকৈয়ে প্ৰতিফলিত হৈছে।

  • Share this:
সমগ্ৰ দেশৰ আটাইকেইখন ৰাজ্যৰ তুলনাত মুছলমান ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত নামভৰ্তিৰ অনুপাত অসমত সৰ্বাধিক । এক প্ৰকাৰ জনসংখ্যাৰ অনুপাতৰ হুবহু প্ৰতিফলন ঘটিছে বিদ্যালয়ৰ নামভৰ্তিত । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে জাৰী কৰা এক প্ৰতিবেদনত  প্ৰকাশ পাইছে এই তথ্য । শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰত্যক্ষ ভাৱে পৰিচালিত  Unified District Information System for Education Plus চমুকৈ UDISE এ জাৰী কৰা ২০১৯-২০ শিক্ষাবৰ্ষৰ বছেৰেকীয়া প্ৰতিবেদনত সৰ্বমুঠ নামভৰ্তিৰ ভিতৰত মুছলমান শিক্ষাৰ্থীৰ নামভৰ্তিৰ পৰিসংখ্যা প্ৰকাশ পাইছে ।

Percentage of Muslim minority enrolment to total enrolment শিতানত ৰাজ্য সমূহৰ ভিতৰত শীৰ্ষ স্থানত আছে অসম । অসমৰ বিদ্যালয় সমূহত প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ ৩৯.৯৮  শতাংশ মুছলমান শিক্ষাৰ্থীৰ নামভৰ্তি হয় । উল্লেখ যোগ্য যে, মুছলমান ছাত্ৰীৰ নামভৰ্তিৰ অনুপাত ছাত্ৰকৈ অধিক। সৰ্বমুঠ ছাত্ৰীৰ নামভৰ্তিৰ হাৰ ৪০.৮৪ শতাংশ মুছলমান ছাত্ৰী হোৱাৰ  বিপৰীতে ছাত্ৰৰ পৰিসংখ্যা ৩৯.০৯ শতাংশ । আনহাতে গোটেই দেশত ১৩.৯৫ শতাংশ মুছলমান ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে । ইয়াৰে ছাত্ৰ ১৩.৪৫ শতাংশ আৰু ছাত্ৰী ১৪.৪৯  শতাংশ ।

বিভিন্ন উৎসৰ পৰা পোৱা তথ্য অনুসৰি অসমত মুছলমান জনসংখ্যা প্ৰায় ১ কোটি ৪৬ লাখ । ই সৰ্বমুঠ জনসংখ্যাৰ ৪০.০৩ শতাংশ। গতিকে জনসংখ্যাৰ এই অনুপাত বিদ্যালয়ৰ নামভৰ্তিত বাৰুকৈয়ে প্ৰতিফলিত হৈছে। অৰ্থাৎ আন ধৰ্মাৱলম্বী লোকতকৈ বিদ্যালয়ৰ শিক্ষা গ্ৰহণত কোনো গুণেই পিছ পৰি থকা নাই মুছলমানসকল । আনহাতে সমগ্ৰ দেশত জনসংখ্যাৰ অনুপাত আৰু নামভৰ্তিৰ অনুপাতৰ মাজতো সামঞ্জস্য পৰিলক্ষিত হৈছে ।
Published by:Manjumoni Borah
First published: