মুখ্যপৃষ্ঠা »খবৰ »অসম »Burmese Betel nut: হাইলাকান্দিত প্ৰায় দুই কোটি টকা মূল্যৰ বাৰ্মিজ চুপাৰি জব্দ

Burmese Betel nut: হাইলাকান্দিত প্ৰায় দুই কোটি টকা মূল্যৰ বাৰ্মিজ চুপাৰি জব্দ

এই অভিযানত আৰক্ষীয়ে প্ৰায় ৮৩২ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰে।

এই অভিযানত আৰক্ষীয়ে প্ৰায় ৮৩২ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰে।

এই অভিযানত আৰক্ষীয়ে প্ৰায় ৮৩২ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰে।

  • Share this:
বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান অব্যাহত। এই অভিযানত আৰক্ষীয়ে প্ৰায় ৮৩২ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰে। বিগত নিশা হাইলাকান্দি জিলাৰ বিলাইপুৰ  আৰক্ষী চকীৰ ভাৰপাপ্ত বিষয়া চেংলেন্গ সিংহৰ নেতৃত্বত এক বিশাল আৰক্ষী বাহিনীৰ দলে গোপন সুএৰ পম খেদি অসম মিজোৰাম সীমান্তৰ বালিছড়াৰ পৰা ৪ খন কৈ  বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰে। জব্দকৃত ৪ খন ট্ৰাকত প্ৰায় ৮৩২ বস্তা বাৰ্মিজ চুপাৰি গোপন চেম্বাৰ বনাই মিজোৰামৰ পৰা অসমৰ বৰাক উপত্যকা হৈ বহিঃৰাজ্যত সৰবৰাহ কৰিবলৈ নিয়া হৈছিল।

মন কৰিবলগীয়া যে, আৰক্ষীয়ে ৪ খন বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰিছে যদিও এতিয়া লৈকে এজনো চালক বা হেন্ডিমেনক আটক কৰিব পাৰা নাই। ইফালে হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুত দাস বড়োয়ে সংবাদ মাধ্যত কয় যে অতি সোনকালে এই ট্ৰাকৰ চালক আৰু চুপাৰিৰ ব্যবসায়ীক কৰায়ত্ব কৰা হ'ব।

আনহাতে, জব্দ কৰা  চুপাৰি খিনিৰ বজাৰ মূল্য ১ কোটি আশি লাখ টকা বুলি আনুমান কৰিছে হাইলাকান্দি আৰক্ষীয়ে।

শেহতীয়া বাতৰি