সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’

News18 Assam | News18-Assam
Updated:February 9, 2020, 5:08 PM IST
সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’
অসম চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছৰ কাহিনী

অসম চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছৰ কাহিনী

  • Share this:
অসম চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছৰ কাহিনী। ভিলেজ ৰকষ্টাৰ্ছৰ ধুনু নামৰ চৰিত্ৰতো আৰু তাইৰ গীতাৰখনৰ কথা আপোনাৰ নিশ্চয় মনত আছে । এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ সপ্তম শ্ৰেণীৰ ইংৰাজী বিভাগৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল এই ধুনুৰ কাহিনী ।

কণমাণি ছোৱালীজনীৰ জীৱন কেন্দ্ৰিক চিন্তাৰে সমৃদ্ধ ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ আজিও অতুলনীয় । কাহিনীৰ মূল পটভূমি দগাঁও কালাৰদিয়া গাঁৱত এতিয়া বৈছে কেৱল আনন্দৰ বন্যা। সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত ছবিখনৰ  ‘ধুনু’ৰ কাহিনী অন্তৰ্ভুক্ত হোৱাত ধুনু অৰ্থাৎ ভনীতা দাসেও সন্তুষ্টি প্ৰকাশ কৰিছে।

ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছে বিশ্ব দৰবাৰত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি অন্য এক মাত্ৰা প্ৰদান কৰিলে ভিলেজ ৰকষ্টাৰ্ছক ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি