মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Bank Dacoity In Assam : ঢেকিয়াজুলিত দিন দুপৰতে বেংকত ডকাইতি ৷ AK-47ৰে গুলী ফুটাই বেংকৰ পৰা লুটিলে লাখ লাখ টকা।

Bank Dacoity In Assam : ঢেকিয়াজুলিত দিন দুপৰতে বেংকত ডকাইতি ৷ AK-47ৰে গুলী ফুটাই বেংকৰ পৰা লুটিলে লাখ লাখ টকা।

News18 Assam | News18-Assam
Updated:May 10, 2021, 9:06 PM IST
Bank Dacoity In Assam : ঢেকিয়াজুলিত দিন দুপৰতে বেংকত ডকাইতি ৷ AK-47ৰে গুলী ফুটাই বেংকৰ পৰা লুটিলে লাখ লাখ টকা।
হাতত এ কে-৪৭ লৈ অহা তিনিজনীয়া় ডকাইতৰ  দল চিৰাজুলি চেণ্ট্ৰেল বেংকৰ পৰা লুটি নিলে ৮ লাখ ৫০ হাজাৰ টকা। বেংকৰ ভিতৰত উদ্ধাৰ একে-৪৭ৰ গুলীৰ খোলা।

হাতত এ কে-৪৭ লৈ অহা তিনিজনীয়া় ডকাইতৰ  দল চিৰাজুলি চেণ্ট্ৰেল বেংকৰ পৰা লুটি নিলে ৮ লাখ ৫০ হাজাৰ টকা। বেংকৰ ভিতৰত উদ্ধাৰ একে-৪৭ৰ গুলীৰ খোলা।

  • Share this:
ঢেকিয়াজুলিৰ চিৰাজুলিত সোমবাৰে দিন দুপৰতে বেংকৰ পৰা ডকাইতে লুটি নিলে লাখ লাখ টকা। হাতত এ কে-৪৭ লৈ অহা তিনিজনীয়া় ডকাইতৰ  দল এটাই চেণ্ট্ৰেল বেংকৰ পৰা ধন লুট কৰি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে এ কে-৪৭ আৰুপিষ্টল লৈ মটৰ চাইকেলত অহা ডকাইতৰ দলটোৰ দুজনে বেংকৰ ভিতৰত প্ৰৱেশ দুজাঁই গুলী ফুটাই প্ৰায় ৮লাখ ৫০ হাজাৰ টকা লুট কৰি নিয়ে।

প্ৰত্যক্ষদৰ্শীৰ  মতে নম্বৰপ্লেট বিহীন পালছাৰ মটৰ চাইকেলত অহা তিনিজনীয়া ডকাইতৰ দলটোৱে মুখত মাস্ক আৰু মুৰত হেলমেট পৰিধান কৰি হাতত অত্যাধুনিক মাৰণাস্ত্ৰ লৈ আছিল ৷

কেইমিনিটমানৰ ভিতৰতে বেংকটোৰ পৰা ৮ লক্ষাধিক টকা লুট কৰি ডকাইতৰ দলটো বৰছলা পথেৰে নিৰ্বিঘ্নে পলাই যায় ৷ ডকাইতৰ দলটোৱে বেংকৰ সন্মুখত এজাঁই আৰু কিছু আতৰত শূন্যলৈ এজাঁই গুলীচালনা কৰে৷

বেংকটোৰ নিৰাপত্তাৰক্ষী লোহিত বৰাই সাংবাদিকক জনোৱা মতে ডকাইতৰ দলটোক বাধা দিবলৈ যাওতে তেওঁক এটা ডকাইতে খুকুৰীৰে আক্ৰমণৰ চেষ্টা চলায় আৰু প্ৰহাৰো কৰে৷

বেংকটোৰ পৰিচালক ৰাকেশ কুমাৰ যাদৱে জনায় যে বেংকৰ ভিতৰত প্ৰৱেশ কৰা ডকাইতৰ এটাৰ হাতত এটা এ কে-৪৭ আৰু আনটোৰ এটা পিষ্টল আছিল। ডকাইতৰ দলটোৱে প্ৰায় ৮লাখ ৫০ হাজাৰ টকা লুট কৰি নিয়া বুলিও তেওঁ জনায়।

ঢেকিয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিদানন্দ বৰাৰ নেতৃত্বত অহা আৰক্ষীৰ দলে বেংকৰ ভিতৰৰ পৰা এ কে-৪৭ৰ খালী কাৰ্টিজ দুটা  উদ্ধাৰ কৰিছে ৷ পিছত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আহি ঘটনাৰ বুজ লয়৷
Published by: Manjumoni Borah
First published: May 10, 2021, 9:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি