உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Granade Blast In Assam : ডিগবৈৰ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত ২ জন নিহত। ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অমিত শ্বাহেও কৰিলে ফোন।

    Granade Blast In Assam : ডিগবৈৰ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত ২ জন নিহত। ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অমিত শ্বাহেও কৰিলে ফোন।

    বিস্ফোৰণত সঞ্জীৱ সিং আৰু সুৰজিত তালুকদাৰ নামৰ লোক দুজন নিহত হৈছে। AMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন ঘনশ্যাম আগৰৱালা।

    বিস্ফোৰণত সঞ্জীৱ সিং আৰু সুৰজিত তালুকদাৰ নামৰ লোক দুজন নিহত হৈছে। AMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন ঘনশ্যাম আগৰৱালা।

    বিস্ফোৰণত সঞ্জীৱ সিং আৰু সুৰজিত তালুকদাৰ নামৰ লোক দুজন নিহত হৈছে। AMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন ঘনশ্যাম আগৰৱালা।

    • Share this:
    ডিগবৈৰ টিংৰাইত গ্ৰেনেড বিস্ফোৰণ (Granade Blast)ত নিহত হৈছে ২জন লোক। বিস্ফোৰণটোত গুৰুতৰভাৱে আহত সঞ্জীৱ সিং আৰু সুৰজিত তালুকদাৰ নামৰ লোক দুজনৰ মৃত্যু হৈছে।

    বিস্ফোৰণটোত গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (AMCH)ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ঘনশ্যাম আগৰৱালা। আনহাতে সামান্যভাৱে আহত হৈছে মনজিত দাস নামৰ আন এজন যুৱক।

    ঘটনা সংঘটিত হোৱাৰ কিছুসময় পাছতে সঞ্জীৱ সিং নামৰ যুৱকজন নিহত হোৱাৰ পাছত সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে সুৰজিত তালুকদাৰ নামৰ আন এজন যুৱকৰ।

    টিংৰাই বজাৰত দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত গ্ৰেনেড বিস্ফোৰণত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্ৰধান (DGP)ক দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

    প্ৰত্যক্ষদৰ্শীৰ মতে টিংৰাই বজাৰত দুই বাইক আৰোহীয়ে দলিয়াই থৈ যায় গ্ৰেনেডটো। ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ টিংৰাই বজাৰৰ পূৰণ আগৰৱালা নামৰ এখন হাৰ্ডৱেৰ দোকানত সংঘটিত হয় এই ঘটনা।
    Published by:Sanjay Kumar Das
    First published: