নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰৱল গণ অভ্যুত্থানৰ মাজত চৰকাৰী কৰ্মচাৰীক ছচিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হ’বলৈ সকিয়াই দিছে অসম চৰকাৰে। অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ এক বিশেষ নিৰ্দেশনাই অসমৰ শিক্ষকসকলৰ লগতে অসমীয়া ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।যিসময়ত সমগ্ৰ ৰাজ্যৰ লগতে দেশজুৰি শেহতীয়া বিতৰ্কিত ‘নাগৰিকত্ব সংশোধনী আইন'(কা)ৰ বিৰুদ্ধে সৰ্বস্তৰৰ জনতাৰ প্ৰবল প্ৰতিবাদ অব্যাহত আছে, তেনে সময়তে অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ এক বিশেষ নিৰ্দেশনাই অসমৰ শিক্ষকসকলৰ লগতে জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মঙলবাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ শিক্ষা বিষয়াসকললৈ অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা এক নিৰ্দেশনা প্ৰেৰণ কৰা হয়। এই নিৰ্দেশনা অনুসৰি, বৰ্তমান বহুলভাৱে প্ৰচলিত ছচিয়েল মিডিয়া যেনে ফেচবুক, হোৱাটছ্ এপ, টুইটাৰ, ইনষ্টা’গ্ৰাম আদিত যিসকল বিভাগীয় নিয়মীয়া অথবা ঠিকাভিত্তিক চৰকাৰী কৰ্মচাৰীয়ে ৰাজনৈতিক কাৰ্যকলাপ আৰু গতিবিধিত জড়িত হৈছে, সেইসকলৰ বিৰুদ্ধে বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চৰকাৰী কৰ্মচাৰীৰ কাৰণে দিয়া নিৰ্দেশনা। ৰাজনৈতিক কাৰ্যকলাপত জড়িত হৈ অসম সেৱা বিধি, ১৯৬৪ৰ নিয়ম ভংগৰ অভিযোগ আনি এনে কৰ্মচাৰী তথা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল’বৰ বাবে জিলা শিক্ষা বিষয়াসকলক নিজ নিজ জিলাৰ অন্তৰ্গত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, সহকাৰী পৰিদৰ্শক আৰু উপ-পৰিদৰ্শকসকললৈ নিৰ্দেশনা প্ৰেৰণৰ বাবেও নিৰ্দেশ দিছে। ইতিমধ্যে ‘কা’ বিৰোধী গণ-সংগ্ৰামত সাধাৰণ জনতাৰ সমানেই জঁপিয়াই পৰা চৰকাৰী কৰ্মচাৰী তথা শিক্ষকসকলে এই নিৰ্দেশনা কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব। উল্লেখযোগ্য যে যোৱা ১৮ডিচেম্বৰত ৰাজ্যৰ ৪লাখ চৰকাৰী কৰ্মচাৰীয়ে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণাৰে কৰ্মবিৰতি পালন কৰিছিল। চৰকাৰী কৰ্মচাৰীৰ কণ্ঠৰুদ্ধ কৰি ‘কা’ বিৰোধী সংগ্ৰাম দমনেৰে মষিমূৰ কৰাৰ ষড়যন্ত্ৰ আখ্যা দিছে ছচিয়েল মিডিয়াত বহুজনে।