বৃদ্ধি হ’বনে ল’ক ডাউন? এই লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। তাৰ মাজতে দেওবাৰে অনুষ্ঠিত হ’ল অসম চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ল’ক ডাউন সন্দৰ্ভত কয় যে, ‘ ভাৰত চৰকাৰ নিৰ্দেশলৈ আমি অপেক্ষা কৰিছো। ভাৰত চৰকাৰৰ নিৰ্দেশত আমি কাম কৰি আছো। অসম চৰকাৰে নিজাববীয়াকৈ একো সিদ্ধান্ত নলয়। কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে, অসম চৰকাৰে তাকে মানি ল’ব।’
ইফালে শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ হোৱা বৈঠকত ল’ক ডাউন ৩০ এপ্ৰিল লৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হ’ল জানিব পৰা গৈছে। যদিও এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত আনুষ্ঠানিক ভাবে একে মন্তব্য কৰা নাই তথাপিও দিল্লীৰ মুখ্যমন্ত্ৰী অৱবিন্দ কেজৰিৱাল আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্যত ল’ক ডাউন বৃদ্ধিৰ সন্দৰ্ভত স্পষ্ট ইংগিত পোৱা গৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|