গঁড়ৰ খড়্গক কেন্দ্ৰ কৰি ঔষধি গুণ থকা বুলি যি অন্ধবিশ্বাস প্ৰচলিত যাৰ ফলত চোৰাংচিকাৰীৰ হাতত প্ৰাণ হেৰুৱাই গঁড়কেইটাই ! অসম চৰকাৰে বিভিন্ন কোষাগাৰত থকা ২৪৭৯টা বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ খড়্গ (Rhino Horn) ৰাইজৰ উপস্থিতিত জ্বলাই ভষ্ম কৰিব ।
গঁড়ৰ খড়্গক কেন্দ্ৰ কৰি ঔষধি গুণ থকা বুলি যি অন্ধবিশ্বাস প্ৰচলিত যাৰ ফলত চোৰাংচিকাৰীৰ হাতত প্ৰাণ হেৰুৱাই গঁড়কেইটাই ! অসম চৰকাৰে বিভিন্ন কোষাগাৰত থকা ২৪৭৯টা বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ খড়্গ (Rhino Horn) ৰাইজৰ উপস্থিতিত জ্বলাই ভষ্ম কৰিব ।
অসম চৰকাৰে বিভিন্ন কোষাগাৰত থকা ২৪৭৯টা বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ খড়্গ (Rhino Horn) ৰাইজৰ উপস্থিতিত জ্বলাই ভস্ম কৰিব । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত হোৱা কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
উল্লেখযোগ্য ৰাজ্য চৰকাৰৰ বিভিন্ন কোষাগাৰত ২৬২৩টা খড়্গ সংৰক্ষিত হৈ আছে । ইয়াৰে ২৪৭৯টা পুৰি পেলোৱা হ’ব আৰু ৯৪টা গৱেষণাৰ কাৰণে তথা ঐতিহ্যৰ প্ৰতীক হিচাপে সংৰক্ষণ কৰা হ’ব । বাকী ৫০টা ৰাখিব লাগিব কাৰণ সেইকেইটাৰ ওপৰত আদালতত গোচৰ চলি আছে । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৈঠকৰ অন্তত এই কথা প্রকাশ পাইছে ।
গঁড়ৰ খড়্গক কেন্দ্ৰ কৰি যি ঔষধি গুণ থকা বুলি যি অন্ধ বিশ্বাস প্ৰচলিত যাৰ ফলত চোৰাংচিকাৰী হাতত প্ৰাণ হেৰুৱাই গঁড় কেইটাই সেই অন্ধ বিশ্বাস নিৰ্মূল কৰিবলৈ খড়্গ জ্বলাই পেলোৱাৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে । গঁড়ৰ খড়্গ প্ৰতি থকা এনে ধ্যান ধাৰণাৰ কাৰণেই আন্তৰ্জাতিক কলা বজাৰত ইয়াৰ চাহিদা আকাশলংঘী । গঁড়ৰ স্বাভাৱিক মৃত্যুৰ পিছত এই খড়্গ সমূহ কাটি অনা হৈছিল । বহু কেইটা খড়্গ ধৃত চোৰাংচিকাৰীৰ হাতৰ পৰা উদ্ধাৰ হৈছিল বুলিও জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চল সমূহত ৩০০০ৰো অধিক গঁড় আছে । ২০১৮চনৰ গণনা মতে কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে ২৪০০ এশিঙীয়া গঁড় আছে । বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত সুৰক্ষিত এই আপুৰুগীয়া জন্তু । লক্ষণীয় হ’ব চৰকাৰৰ এই পদক্ষেপৰ পিছত চোৰাংচিকাৰী গঁড় হত্যা কিমান হ্ৰাস পায় ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|