"গাইৰ পৰা মতা গৰু পোৱালি জন্ম যাতে নাপায় তাৰ বাবে বাজেটত আঁচনি ধৰিবলৈ কোৱা হৈছে ৷ মাইকী গৰুহে জন্ম যাতে পায় ৷ মতা গৰুয়ে গাখীৰ নিদিয়ে ৷ সেয়ে মাইকী গৰুহে যাতে জন্ম পোৱা যায় বাজেটত ধন ধাৰ্য কৰিবলৈ দিয়া হৈছে।
আজি বিধানসভাত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আৰু কয় যে "মতা গৰুবোৰক কচাইখানাতহে দিয়া হয় ৷ ক'ৰবাত পঠিয়াই দিয়া হয় ৷ ক'লৈ পঠিওৱা হয় সকলোৱে জানে।"
উল্লেখ্য যে গৰুক প্ৰমূখ্য কৰি পশুধন সুৰক্ষাৰ বাবে ইতিমধ্যে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰিছে ৰাজ্য চৰকাৰে।