ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ, নিৰ্দিষ্ট সময়ত পদোন্নতি

স্বায়ত্তশাসিত পৰিষদৰ CEM আৰু EMসকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় কেবিনেট বৈঠকত।

news18assam
Updated:June 4, 2019, 5:12 PM IST
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ, নিৰ্দিষ্ট সময়ত পদোন্নতি
স্বায়ত্তশাসিত পৰিষদৰ CEM আৰু EMসকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় কেবিনেট বৈঠকত।
news18assam
Updated: June 4, 2019, 5:12 PM IST
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ সুখবৰ। নিৰ্দিষ্ট সময়ত টাইম স্কেলযোগে পদোন্নতি লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে। কেবিনেটত বৈঠকত গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তদুপৰি স্বায়ত্তশাসিত পৰিষদৰ CEM আৰু EMসকলৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়
কেবিনেট বৈঠকত। ৬ স্বায়ত্তশাসিত পৰিষদৰ CEMৰ দৰমহা ১৬ হাজাৰৰ পৰা ৪৫ হাজাৰলৈ আৰু সদস্যৰ দৰমহা ৫ হাজাৰৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত। ৰাজ্যৰ বাহিৰত কৰ্মৰত অৱস্থাত শ্বহীদ হোৱা জোৱানলৈ ৰাজ্য চৰকাৰে ২০ লাখ টকাকৈ অনুদান আগবঢ়োৱাৰ বাবে নীতি গ্ৰহণ কৰিছে। আনহাতে, মানব সৰবহৰাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত। সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ ভূমি নীতি সংশোধন কৰিব চৰকাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি