• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Meghalaya Border Firing : অসম-মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাক লৈ এজনীয়া তদন্ত আয়োগ গঠন অসম চৰকাৰৰ

Assam-Meghalaya Border Firing : অসম-মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাক লৈ এজনীয়া তদন্ত আয়োগ গঠন অসম চৰকাৰৰ

অবৈধ কাঠ সৰবৰাহ কৰা এখন ট্ৰাক বন বিভাগে জব্দ কৰাৰ পিছতে দুষ্কৃতিকাৰীয়ে হিংসাৰ আশ্ৰয় লয়।

অবৈধ কাঠ সৰবৰাহ কৰা এখন ট্ৰাক বন বিভাগে জব্দ কৰাৰ পিছতে দুষ্কৃতিকাৰীয়ে হিংসাৰ আশ্ৰয় লয়।

অবৈধ কাঠ সৰবৰাহ কৰা এখন ট্ৰাক বন বিভাগে জব্দ কৰাৰ পিছতে দুষ্কৃতিকাৰীয়ে হিংসাৰ আশ্ৰয় লয়।

  • Share this:
আজি পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিন্দিং থানাৰ অন্তৰ্গত মক্ৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰে।

তদন্ত আয়োগক গুলীচালনাৰ কাণ্ডৰ কাৰণ তথা পৰিস্থিতিৰ তদন্তৰ দায়িত্ব দিয়া হৈছে। তদন্ত আয়োগে তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।

উল্লেখযোগ্য যে ২২ নৱেম্বৰৰ পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত জিৰিকিন্দিং আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰত অসম বন বিষয়া আৰু খাচী দুৰ্বৃত্তৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।

জানিব পৰা মতে, অবৈধ কাঠ সৰবৰাহ কৰা এখন ট্ৰাক বন বিভাগে জব্দ কৰাৰ পিছতে দুষ্কৃতিকাৰীয়ে হিংসাৰ আশ্ৰয় লয়। প্ৰাণৰক্ষাৰ স্বাৰ্থত বন বিভাগৰ দলটোৱে গুলীচালনাৰ আশ্ৰয় লয়। এই ঘটনাত মেঘালয় ৫জন লোক আৰু অসমৰ এজন বনকৰ্মীৰ মৃত্যু হয়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি