অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলে (Ex Chief Ministers of Assam) এতিয়াৰে পৰা লাভ নকৰিব চৰকাৰী ঘৰ আৰু নিৰাপত্তাৰক্ষী। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই।
অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই কথাও স্পষ্ট কৰি দিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) আৰু প্ৰফুল্ল কুমাৰ মহন্ত (Prafulla Kumar Mahanta)ৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ'ব আৰু তেওঁলোক দুয়োজনে উল্লিখিত সুবিধা লাভ কৰিব।
এই নতুন নিয়ম বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাই আৰম্ভ হ'ব।
ৰাজ্য চৰকাৰে যোৱা ১ জানুৱাৰীৰ কেবিনেট (Assam Cabinet)বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। লগতে এইটোও সিদ্ধান্ত লৈছিল যে মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহন গুৱাহাটীত ৬খন আৰু গুৱাহাটীৰ বাহিৰত ১২ খন হ'ব, এছকোৰ্ট আৰু পাইলটক বাদ দি।