Guwahati Online Liqour Delivery : শীঘ্ৰে গুৱাহাটীত অনলাইনত অর্ডাৰ কৰিব পাৰিব সুৰা, কিন্তু তাৰ আগতে জানিব লাগিব এইসমূহ কথা

News18 Assam | News18-Assam
Updated:July 22, 2021, 8:19 PM IST
Guwahati Online Liqour Delivery : শীঘ্ৰে গুৱাহাটীত অনলাইনত অর্ডাৰ কৰিব পাৰিব সুৰা, কিন্তু তাৰ আগতে জানিব লাগিব এইসমূহ কথা
representative image

আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব সুৰা বিপণীয়ে৷ ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব বিভাগক৷

  • Share this:
গুৱাহাটী মহানগৰীত এতিয়াৰে পৰা অনলাইনত উপলব্ধ হ’ব সুৰা। এই সন্দৰ্ভত ৰাজপত্ৰিত জাননী জাৰি কৰা হৈছে৷ সুৰা বিক্ৰী সন্দৰ্ভত বান্ধি দিয়া হৈছে কেতবোৰ নীতি–নিৰ্দেশনা। সেই অনুসৰি, অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীয়েহে অনলাইনযোগে বিক্ৰীৰ সুবিধা পাব৷ এপযোগে বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা৷ আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব সুৰা বিপণীয়ে৷ ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব বিভাগক৷

কোনে অৰ্ডাৰ কৰিব পাৰিব সুৰা

সুৰা ডেলিভাৰী কৰাৰ বাবে ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব৷ সুৰা অৰ্ডাৰ কৰিবৰ বাবে নিৰ্দিষ্ট অনলাইন প’ৰ্টেলত নাম আৰু বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে৷

এইসমূহ স্থানত নহ’ব সুৰাৰ ডেলিভাৰী

শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থানত ডেলিভাৰী নহ’ব সুৰা৷ এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ পৰ্যন্ত অৰ্ডাৰ দিব পাৰিব সুৰা। ডেলিভাৰী এজেণ্টে কঢ়িয়াব পাৰিব ৯ লিটাৰ পৰ্যন্ত।

কিমান সময়ৰ ভিতৰত অনলাইনত পাব সুৰা

গ্ৰাহকে সুৰা অৰ্ডাৰ দিওতেই আদায় দিব লাগিব মূল্য৷ পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ থাকিব অনলাইন ডেলিভাৰীৰ সুবিধা৷ অৰ্ডাৰ দিয়াৰ ২ ঘণ্টাৰ ভিতৰত দিব লাগিব সুৰাৰ ডেলিভাৰী৷ MRPতকৈ সুৰাৰ অধিক দাম ল’ব নোৱাৰিব বিপণীয়ে৷

হোম ডেলিভাৰীৰ বিনিময়ত কিমান দিব লাগিব চাৰ্জ

নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি কোনো চাৰ্জ ল’ব নোৱাৰিব বিপণীয়ে৷ ১ কিঃমিঃতকৈ কম দূৰত্বৰ বাবে ৫০টকা অতিৰিক্ত চাৰ্জ দিব লাগিব৷ ১-২ কিঃমিঃৰ ভিতৰত চাৰ্জ হ’ব ৭৫ টকা৷ অৰ্ডাৰ পোৱাৰ ১০ মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব৷

ৰাজ্যৰ ক’ত ক’ত এই সুবিধা

অৰ্ডাৰ বাতিল হ’লে গ্ৰাহকে আন এখন বিপণীৰ পৰা ল’ব পাৰিব সুৰা৷ প্ৰত্যেক বিপণীয়ে সৰ্বাধিক ১০জন এজেণ্ট ৰাখিব পাৰিব৷ প্ৰথমে কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা৷ পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ’ল অনলাইন যোগে সুৰা ক্ৰয়ৰ সুবিধা৷
Published by: Sanjay Kumar Das
First published: July 22, 2021, 8:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি