স্বাস্থ্য আৰু শিক্ষা বিভাগৰ চাকৰিৰ লিখিত পৰীক্ষা একেদিনাই, বিপাঙত পৰীক্ষাৰ্থী

News18-Assam
Updated:September 7, 2019, 4:26 PM IST
স্বাস্থ্য আৰু শিক্ষা বিভাগৰ চাকৰিৰ লিখিত পৰীক্ষা একেদিনাই, বিপাঙত পৰীক্ষাৰ্থী
একেদিনাই ৰাজ্যৰ ২ বিভাগৰ চাকৰিৰ লিখিত পৰীক্ষা, সমস্যাত পৰিছে প্ৰাৰ্থী

একেদিনাই ৰাজ্যৰ ২ বিভাগৰ চাকৰিৰ লিখিত পৰীক্ষা, সমস্যাত পৰিছে প্ৰাৰ্থী

  • Share this:
যেনে তেনে পৰীক্ষা পাতিব লাগে আৰু দায়িত্ব শেষ কৰিব লাগে! এতিয়া যেন এনে মানসিকতাই গঢ়লৈ উঠিছে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগৰ। ৮ চেপ্তেম্বৰত স্বাস্থ্য আৰু শিক্ষা বিভাগৰ গ্ৰেড–৩ ৰ চাকৰিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ’‍‍‍‍‍‍‍ব। দুয়োটা বিভাগে একেদিনাই পৰীক্ষা অনুষ্ঠিত কৰাৰ ফলত এতিয়া বিপাঙত পৰিছে ৰাজ্যৰ লাখ লাখ ‍‍‍নিবনুৱা যুৱক–যুৱতী।

বহুসংখ্যক পৰীক্ষাৰ্থীয়ে দিয়োটা বিভাগৰ লিখিত পৰীক্ষাৰ বাবেই আবেদন জনাইছিল যদিও, বিভাগ দুটাৰ এনে  কৰ্মকাণ্ডৰ ফলত এতিয়া পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ’ব বহু সংখ্যক ছাত্ৰ–ছাত্ৰী।

৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ডিইই গ্ৰেড-৩ পদৰ বাবে পৰীক্ষা সেইদিনাই অনুষ্ঠিত হ’ব ডায়ৰেক্টৰ অৱ এলিমেন্টেৰী এডুকেশ্যনৰ জুনিয়ৰ এছিচটেন্ট পদৰ লিখিত পৰীক্ষা। পৰীক্ষা পৃথকে পৃথকে অনুষ্ঠিত কৰিব লাগে বুলি প্ৰাৰ্থী সকলে দাবী জনাইছিল যদিও কোনো ধৰণৰ গুৰুত্ব আৰূপ নকৰিলে বিভাগ দুটাই।

 
First published: September 7, 2019, 4:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading