অসমত সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৯বজাৰ পৰা ৬বজালৈ চৰকাৰী কাৰ্যালয় খোলা ৰখাৰ ৰখাৰ প্ৰস্তাৱ নাকচ কৰিছে সচিবালয় সেৱা সন্থাই। উল্লেখযোগ্য যে অসমতো ছিকিমৰ আৰ্হিত ৫দিনীয়া কৰ্মসূচী চৰকাৰী কৰ্মচাৰীৰ বাবে আগবঢ়াই দৈনিক এঘণ্টাকৈ কৰ্মৰ সময় বৃদ্ধিক লৈ চৰ্চা চলিছিল। ইয়াৰ ৯ঘণ্টীয়া দৈনিক কৰ্মসূচীক পোনচাটেই নাকচ কৰিছে সচিবালয় সেৱা সন্থাই। সভাপতি বাসৱ চন্দ্ৰ কলিতাৰ অধ্যক্ষতাত সোমবাৰে অনুষ্ঠিত এখন বৈঠকত সেৱা সন্থাই এই প্ৰস্তাৱ গ্ৰহণযোগ্য নহয় বুলি ঘোষণা কৰে। সেৱা সন্থাৰ মতে শ্ৰম আইন অনুসৰি এজন কৰ্মচাৰীক দৈনিক ৮ঘণ্টাৰ ওপৰত অধিক সময় কামত নিয়োজিত কৰিব নোৱাৰি, এনে পৰিপ্ৰেক্ষিতত চৰকাৰে কেনেকৈ এই আইন নিজে ভংগ কৰিব? এই ব্যৱস্থাৰ ফলত জনতা ভৱনত কৰ্মৰত গুৱাহাটীৰ দাঁতি কাষৰীয়া অঞ্চলৰ বিষয়া–কৰ্মচাৰীসকল বিশেষকৈ মহিলা কৰ্মচাৰীসকল পৰিশ্ৰান্ত হ’ব লাগিব।
অৱশ্যে চৰকাৰে শণিবাৰে কাৰ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আপত্তি কৰিবলগীয়া একো নাই বুলি সেৱা সন্থাই প্ৰকাশ কৰে।
এই সভাত বিভিন্ন সদস্যসকলে মত প্ৰকাশ কৰে যে, বিভিন্ন সময়ত চৰকাৰী কৰ্মচাৰীয়ে নিৰ্ধাৰিত সময়তকৈ অধিক সময় কাৰ্যালয়ত দি আহিছে। বিশেষকৈ বাজেটৰ সময়ত বিত্ত বিভাগৰ কৰ্মচাৰীসকলে চৰকাৰী নিৰ্দেশনা নোপোৱাকৈও সদায় অধিক সময় দি আহিছে। এনে পৰিপ্ৰেক্ষিতত কি কাৰণে চৰকাৰী কৰ্মচাৰীসকলৰ কামৰ সময় বাধ্যতামূলকভাৱে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আহিল বুলি প্ৰশ্ন কৰে সন্থাই। লগতে কামৰ বোজা অধিক হোৱা বিভাগত কৰ্মচাৰীৰ ৰদ–বদলৰ জৰিয়তে সমস্যা সমাধানৰ প্ৰস্তাৱ লোৱা হয়। সচিবালয়ৰ পদোন্নতি সম্পৰ্কীয় দিশত চূড়ান্ত হেমাহিক লৈও ক্ষোভ প্ৰকাশ কৰে সন্থাই। বিভিন্ন বিভাগৰ অধীক্ষকৰ পৰা অতিৰিক্ত সচিবলৈ পদোন্নতি, ৭০জনৰো অধিক কনিষ্ঠ প্ৰশাসনিক বিষয়াক জ্যেষ্ঠ প্ৰশাসনিক বিষয়ালৈ পদোন্নতি লাভৰ যোগ্যতা অৰ্জনৰ পিছতো পদোন্নতি নোহোৱাক লৈ চৰকাৰক সমস্যা সমাধানৰ আহ্বান জনায় সন্থাই। ৰাজ্যিক কৰ্মচাৰীৰ বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনিখন প্ৰতিবছৰে বাজেটত ঘোষণা কৰাৰ পিছতো কাৰ্যকৰী নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰে সন্থাই। এই দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে সন্থাই আন্দোলনৰ পথ ল’ব বুলিও স্পষ্ট কৰি দিয়া হয়।
সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত কৰ্মচাৰী পৰিষদৰ সৈতে আলোচনাত মিলিত হৈহে ল’বলৈ আহ্বান জনোৱা হয় বৈঠকত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|