• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ! দুৰ্গা পূজা উপলক্ষে আগতীয়াকৈ পাব মাহিলী দৰমহাঃ মুখ্যমন্ত্ৰী

অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ! দুৰ্গা পূজা উপলক্ষে আগতীয়াকৈ পাব মাহিলী দৰমহাঃ মুখ্যমন্ত্ৰী

দুৰ্গা পূজা উপলক্ষে আগতীয়াকৈ পাব মাহিলী দৰমহাঃ মুখ্যমন্ত্ৰী

দুৰ্গা পূজা উপলক্ষে আগতীয়াকৈ পাব মাহিলী দৰমহাঃ মুখ্যমন্ত্ৰী

এইমাহৰ অৰ্থাৎ ছেপ্তেম্বৰ মাহৰ ২৯ তাৰিখেই অসম চৰকাৰৰ কৰ্মচাৰীৰ বেংক একাউন্টত সোমাব মাহিলী দৰমহা।

  • Share this:
অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে এটি সুখবৰ! আগন্তুক দুৰ্গা পূজা উপলক্ষে অসম চৰকাৰৰ কৰ্মচাৰীসকলে আগতীয়াকৈ লাভ কৰিব মাহিলী দৰমহা। এইমাহৰ অৰ্থাৎ ছেপ্তেম্বৰ মাহৰ ২৯ তাৰিখেই অসম চৰকাৰৰ কৰ্মচাৰীৰ বেংক একাউন্টত সোমাব মাহিলী দৰমহা।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিছুসময় পূৰ্বে সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰযোগে এই সুখবৰ প্ৰকাশ কৰি কয় যে, "সমাগত দুৰ্গা পূজাৰ সময়ত চৰকাৰী বন্ধৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আগতীয়াকৈ দৰমহা দিয়াৰ সিদ্ধান্ত লৈছোঁ। সেইমৰ্মে ৰাজ্যৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলক অহা ২৯ ছেপ্টেম্বৰৰ পৰা দৰমহা দিয়াৰ ব্যৱস্থা কৰা হ'ব।"



মুখ্যমন্ত্ৰীৰ এই ঘোষণাত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে অসম চৰকাৰৰ কৰ্মচাৰীসকল। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত কৰা এই ঘোষণাত সন্তুষ্টি প্ৰকাশ কৰি, বিশেষ উৎসৱ উপলক্ষে লোৱা এনে সিদ্ধান্তক আদৰণি জনাই বিভিন্নজনে বিভিন্ন প্ৰশংসাসূচক মন্তব্য কৰিছে সামাজিক মাধ্যমত।
Published by:Subham Goswami
First published: