কি পৰ্যায়ত আছে ৰাজ্যৰ ডিটেনচন কেম্প? পৰ্যালোচনাৰ বাবে চৰকাৰে গঠন কৰিছে বিশেষ সমিতি

তিনি মাহৰ ভিতৰত সমিতিখনে দাখিল কৰিব লাগিব প্ৰতিবেদন।

News18-Assam
Updated:October 26, 2019, 5:44 PM IST
কি পৰ্যায়ত আছে ৰাজ্যৰ ডিটেনচন কেম্প? পৰ্যালোচনাৰ বাবে চৰকাৰে গঠন কৰিছে বিশেষ সমিতি
তিনি মাহৰ ভিতৰত সমিতিখনে দাখিল কৰিব লাগিব প্ৰতিবেদন।
News18-Assam
Updated: October 26, 2019, 5:44 PM IST
ৰাজ্যৰ ডিটেনচন কেম্পৰ সা সুবিধা আৰু অন্যান্য দিশসমূহ পৰ্যালোচনাৰ বাবে চৰকাৰে গঠন কৰিছে এখন বিশেষ পৰ্যালোচনা সমিতি।  এই সমিতিখনে ৰাজ্যৰ ডিচেনচন কেম্পসমূহ পৰিদৰ্শন কৰি প্ৰতিগৰাকী ব্যক্তিৰ আইনী সাহায্যৰ পৰ্যালোচনা, স্বাস্থ্য অৱস্থা, ডিটেনচন কেম্পৰ খাদ্য, পৰিস্কাৰ, পৰিচ্ছন্নতা, জীৱন ধাৰণৰ মানদণ্ড, ডিটেনচন কেম্পত থকা শিশুসকলৰ শিক্ষা পদ্ধতি আৰু এই বিষয়ত উপযুক্ত পৰামৰ্শ আদিকে ধৰি আনুসংগিক বিষয়সমূহ পৰ্যালোচনা।



তিনি মাহৰ ভিতৰত সমিতিখনে দাখিল কৰিব লাগিব প্ৰতিবেদন। আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত শাখা)ৰ অধ্যক্ষতাত গঠন কৰা সমিতিখন সদস্য হিচাপে আছে কাৰাগাৰসমূহৰ পৰিদৰ্শক, অৱসপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ হৰদ্বীপ সিং, সংশ্লিষ্ট জিলাৰ মহকুমাধিপতি অথবা সহকাৰী আয়ুক্ত পৰ্যায়ৰ জিলা উপায়ুক্তই মনোনীত কৰা এগৰাকী সদস্য আৰু অধ্যক্ষই মনোনয়ন কৰা আন কোনো সদস্য।
আৰু চাওক পৰৱৰ্তী বাতৰি