• Home
  • »
  • News
  • »
  • assam
  • »
  • Teacher's Transfer: শিক্ষকৰ বদলিকৰণক লৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ ডাঙৰ মন্তব্য

Teacher's Transfer: শিক্ষকৰ বদলিকৰণক লৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ ডাঙৰ মন্তব্য

তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ সামৰণি দিনটোত মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ ১১৩ নং ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়ত বহিঃমূল্যায়ক হিচাপে অংশ লয় মুখ্য সচিবগৰাকীয়ে।

তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ সামৰণি দিনটোত মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ ১১৩ নং ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়ত বহিঃমূল্যায়ক হিচাপে অংশ লয় মুখ্য সচিবগৰাকীয়ে।

তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ সামৰণি দিনটোত মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ ১১৩ নং ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়ত বহিঃমূল্যায়ক হিচাপে অংশ লয় মুখ্য সচিবগৰাকীয়ে।

  • Share this:
নতুন শিক্ষা নীতিয়ে ৰাজ্যৰ শিক্ষাখণ্ডলৈ ভালেখিনি পৰিৱৰ্তন আনিব। অহা ১৫ জুনত প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবৰে দেশৰ প্ৰধানমন্ত্ৰী নতুন শিক্ষানীতিক লৈ এক বৈঠকত মিলিত হ'ব। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই। শনিবাৰে ৰাজ্য চৰকাৰে চৰকাৰী শিক্ষাখণ্ডৰ মান নিৰূপণাৰ্থে তৃতীয়বাৰৰ বাবে আয়োজন কৰা তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ সামৰণি দিনটোত মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ ১১৩ নং ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়ত বহিঃমূল্যায়ক হিচাপে অংশ লয় মুখ্য সচিবগৰাকীয়ে। স্বভাৱসুলভভাৱেই কণ কণ শিশুসকলৰ সৈতে এগৰাকী শিক্ষকৰ দৰেই তেওঁলোকৰ জ্ঞানৰ উমান লয় মুখ্য সচিবগৰাকীয়ে। দায়িত্ব সম্পাদনৰ শেষত টীয়কৰ সন্তান তথা মুখ্য সচিবগৰাকীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

মূলতঃ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা গুণোৎসৱৰ জৰিয়তে চৰকাৰী শিক্ষাখণ্ডৰ সামগ্ৰিক উন্নয়নৰ দিশত বিশেষভাৱে প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে। ইপিনে শিশুসকলক শিশু অৱস্থাৰ পৰাই মাতৃভাষাৰ শিক্ষাৰ লগতে হিন্দী আৰু ইংৰাজী ভাষাত পাৰ্গত কৰি তোলাতো সাম্প্ৰতিক সময়ৰ আহ্বান হিচাপে অভিহিত কৰে।

বৰ্তমানৰ চৰকাৰে অভাৱ পূৰণ কৰিব পৰাকৈ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ বিপৰীতে আজিৰ তাৰিখতো বহু চৰকাৰী বিদ্যালয়ত ছাত্র ছাত্ৰী অনুপাতে শিক্ষক, অথবা শিক্ষক অনুপাতে ছাত্ৰ ছাত্ৰী সমস্যা সমাধান হোৱা নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কয়- গোটেই প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছে আৰু খুব কমদিনৰ ভিতৰতে সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে এই সমস্যা নিৰ্মূল হ'ব। লগতে শিক্ষক বদলিকৰণ প্ৰক্ৰিয়াৰ জড়িয়তে এই সমস্যা সমাধান হ'ব বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে যোৱা ১ জুনৰ পৰা চাৰিদিনীয়াকৈ আয়োজিত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আজি যোৰহাট জিলাত সফল সামৰণি ঘটে। যোৰহাট জিলাত মুঠ ৫টা শিক্ষাখণ্ডৰ অধীনত ১৩৮০খন বিদ্যালয়ৰ ৭৪,৫২৯ জন শিক্ষাৰ্থী অৱতীৰ্ণ হয়‌।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি