মুখ্যপৃষ্ঠা »খবৰ »অসম »বুধবাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক ! কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল এই বৈঠকত ?

বুধবাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক ! কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল এই বৈঠকত ?

বুধবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত ল'লে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ চাহ বাগিচা অঞ্চলত ৮১৯টা শিক্ষক পদৰ সৃষ্টিত অনুমোদন, চহৰৰ দৰিদ্ৰ লোকৰ বাবেও আছে ভাল খবৰ ...

বুধবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত ল'লে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ চাহ বাগিচা অঞ্চলত ৮১৯টা শিক্ষক পদৰ সৃষ্টিত অনুমোদন, চহৰৰ দৰিদ্ৰ লোকৰ বাবেও আছে ভাল খবৰ ...

বুধবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত ল'লে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ চাহ বাগিচা অঞ্চলত ৮১৯টা শিক্ষক পদৰ সৃষ্টিত অনুমোদন, চহৰৰ দৰিদ্ৰ লোকৰ বাবেও আছে ভাল খবৰ ...

  • Share this:
বুধবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত ল'লে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ সিদ্ধান্ত সমূহ এনেধৰণৰ-

সুশৃংখলিত ভূমি নিষ্পত্তি প্রক্রিয়া- পৌৰসভা অঞ্চলত ভূমি বন্দৱস্তৰ প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ উপায়ুক্তসকলক চহৰত কেঁচাঘৰত থকা পি এম এ ৱাইৰ ঘৰ পোৱাত সুবিধা কৰি দিব পৰাকৈ কৰ্তৃত্ব দিয়া হৈছে ৷ চহৰৰ হিতাধিকাৰীৰ সপক্ষে ভূমি নিষ্পত্তি, বসতিৰ বাবে ভূমিৰ পৰিমাণ নির্ধাৰণ আৰু প্রিমিয়ামৰ হাৰ যুক্তিসংগতকৰণৰ ক্ষমতা অর্পণ কৰিছে কেবিনেটে ৷ ৫০০টকাৰ বিনিময়ত চহৰত কেঁচা ঘৰত থকা লোকে PMAY ঘৰ নিৰ্মাণ কৰিব পাৰিব এতিয়াৰে পৰা ৷ ইয়াৰ দ্বাৰা ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰী, অর্থনৈতিকভাবে দুর্বল / নিম্ন আৰু মধ্যম আয় শ্ৰেণীৰ অন্তৰ্গত ভূমিহীন খিলঞ্জীয়া লোকক প্রিমিয়ামৰ ৰেহাইমূলক হাৰত নিষ্পত্তিৰ জৰিয়তে মাটিৰ মালিকীস্বত্ব প্ৰদান কৰা হ'ব ৷
চাহ বাগিচাৰ বিদ্যালয়ত শিক্ষক নিযুক্তি- চাহ বাগিচা অঞ্চলত শিক্ষা খণ্ডৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ৮১৯টা শিক্ষক পদ সৃষ্টিত অনুমোদন জনাইছে কেবিনেটে ৷ ৪১৯খন চাহ বাগিচা পৰিচালিত নিম্ন প্ৰাথমিক বিদ্যালয়, ২খন চাহ বাগিচা পৰিচালিত মধ্য ইংৰাজী বিদ্যালয়, এখন চাহ বাগিচা পৰিচালিত হাইস্কুল। চাহ বাগিচাৰ ওপৰত উল্লেখিত বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণৰ লগতে পূৰ্বতে থকা শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হ'ব ৷ বিনামূলীয়া পাঠ্যপুথি, মধ্যাহ্ন ভোজন আদি একে সুবিধাৰে চলি থাকিব ৷ বছৰি ৩৩কোটি টকা ইয়াৰ বাবে অনুমোদন জনাইছে কেবিনেটে ৷ চাহ বাগিচা অঞ্চলৰ ১লাখ যুৱক যুৱতীৰ আত্মসংস্থাপনৰ বাবে ১০০০কোটিৰ আৱণ্টন কৰিছে চৰকাৰে ৷
আৰ আই ডি এফ ঋণ বৃদ্ধিৰ সন্মতি- গ্রাম্য আন্তঃগাঁথনি প্রকল্পৰ বাবে নাৱাৰ্ডৰ পৰা ৪৪১.৮৬ কোটি টকাৰ আৰু আই ডি এফ ঋণ সংগ্ৰহত অনুমোদন প্রকল্পসমূহ- ১৭খন জিলাত ২৪টা গ্রাম্য পথসহ মথাউৰি, ২৯ খন জিলাত ৬৬টা ক্ষুদ্র জলসিঞ্জান প্রকল্প, ২০ খন জিলাৰ ১০০খন চাহ বাগিচাত বিদ্যালয় নির্মাণ। এই পুঁজিৰ ফলত প্ৰকল্পসমূহ ক্ষিপ্রভাবে সম্পূর্ণ হ'ব আৰু ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হ'ব ৷ ইয়াৰ লগতে মহিলা সৱলীকৰণৰ বাবে আত্মসহায়ক গোটৰ জৰিয়তে মহিলাক স্বনিৰ্ভৰ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবলৈ ১০০০টকাকৈ আগবঢ়াব মহিলা সকললৈ ৷ মহিলাসকলে ইয়াৰ বাবে প্ৰকল্প জমা দিব লাগিব ৷ ইয়াৰ বাবেও ১০০০কোটিৰ আৱন্টন কেবিনেটৰ ৷
ঋণ পৰিশোধৰ বাবে পুঁজি গঠন- ঋণ পৰিশোধৰ বাবে পুঁজি সংগ্ৰহৰ লক্ষ্যৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৫০ কোটি মাহিলী বৰঙণিৰে অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণৰ পুঁজি গঠন ৷ বুধবাৰে মন্ত্ৰী ৰণোজ পেগু আৰু জয়ন্ত মল্ল বৰুৱাই কেবিনেট বৈঠকৰ পিছত সংবাদমেল যোগে সদৰী কৰিলে এই সমূহ সিদ্ধান্ত ৷

শেহতীয়া বাতৰি