• Home
  • »
  • News
  • »
  • assam
  • »
  • Cabinet Meeting : মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ চোৱাচিতা কৰিব বিত্ত মন্ত্ৰী অজন্তা নেওগে, এমাহৰ ভিতৰত মনীন্দ্ৰ সিঙক নাও দুৰ্ঘটনাৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

Cabinet Meeting : মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ চোৱাচিতা কৰিব বিত্ত মন্ত্ৰী অজন্তা নেওগে, এমাহৰ ভিতৰত মনীন্দ্ৰ সিঙক নাও দুৰ্ঘটনাৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

নিমাতীঘাটৰ নাঁৱ দুৰ্ঘটনা (Nimatighat Boat Tragedy)ৰ তদন্ত কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙক দায়িত্ব; এমাহৰ ভিতৰত দিব লাগিব প্ৰতিবেদন- কেবিনেট বৈঠকৰ সিদ্ধান্ত

নিমাতীঘাটৰ নাঁৱ দুৰ্ঘটনা (Nimatighat Boat Tragedy)ৰ তদন্ত কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙক দায়িত্ব; এমাহৰ ভিতৰত দিব লাগিব প্ৰতিবেদন- কেবিনেট বৈঠকৰ সিদ্ধান্ত

নিমাতীঘাটৰ নাঁৱ দুৰ্ঘটনা (Nimatighat Boat Tragedy)ৰ তদন্ত কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙক দায়িত্ব; এমাহৰ ভিতৰত দিব লাগিব প্ৰতিবেদন- কেবিনেট বৈঠকৰ সিদ্ধান্ত

  • Share this:
বুধাবাৰে সংঘটিত নিমাতীঘাটৰ কৰুণ অথচ বুকু কঁপি উঠা নাও দুৰ্ঘটনাক (Nimatighat Boat Tragedy) লৈ অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙ (Additional Chief Secretary Manindra Singh)ক তদন্তৰ দায়িত্ব অৰ্পণ কৰি এমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ কেবিনেট (Cabinet Meeting) বৈঠকত এই সিদ্ধান্ত লোৱা হয়। ইতিমধ্যে মনীন্দ্ৰ সিঙক তদন্তৰ দায়িত্ব দিয়া হৈছিল। 

এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে চৰকাৰে পুনৰ আওৰাইছে দলং নিৰ্মাণৰ প্ৰসংগ। এইবাৰ দলং নিৰ্মাণ হ'বই বুলি দাবী কিৰ ৰাজ্য চৰকাৰে  মাজুলীৰ দলং (Jorhat-Majuli Bridge) নিৰ্মাণকাৰীসকলক পৰ্যবেক্ষণ কৰিবলৈ বিত্ত মন্ত্ৰী অজন্তা নেওগ (Ajanta Neog)ক দায়িত্ব অৰ্পণ কৰিছে ৷ কেবিনেটৰ নিৰ্দেশ কোনেও কামত গাফিলতি কৰিব নোৱাৰিব ৷ মাজুলীৰ দলঙৰ চাৰি বছৰৰ ভিতৰত যাতে নিৰ্মাণ সম্পন্ন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব ৰাজ্য চৰকাৰে ৷ বিত্ত মন্ত্ৰী অজন্তা নেওগক সকলো চোৱাচিতা কৰাৰ দায়িত্ব অৰ্পণ কৰিছে কেবিনেটে ৷ মন্ত্ৰী নেওগে প্ৰতিমাহে কামৰ অগ্ৰগতিৰ খতিয়ান ল'ব ৷

একেদৰে মাজুলী-নিমাতীৰ ফেৰী চলাচলৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে দুই এদিনতে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দিয়ে কেবিনেট মুখপাত্ৰসকলে।  জল পৰিবহণৰ ক্ষেত্ৰতো কম দিনৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে বিস্তৃত সংস্কাৰ  সাধন কৰিব বুলি কয় চৰকাৰৰ মুখপাত্ৰই।

বৃহস্পতিবাৰে পুৱাই নিমাতীঘাটত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লৈ বিয়লি চাৰি বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই  জনতা ভৱনত উপস্থিত হৈ সাপ্তাহিক কেবিনেট বৈঠকত মিলিত হয় ৷ কেবিনেটত নিমাতীঘাট আৰু জৰ পৰিবহণ বিষয়ক আলোচনাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।

প্ৰায় তিনি ঘণ্টাজুৰি চলা কেবিনেট বৈঠকৰ পিছতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই সৰ্তীথ মন্ত্ৰী টেৰছ গোৱালাৰ সৈতে কেবিনেট বৈঠক সন্দৰ্ভত সংবাদমেলত সদৰী কৰে। কেবিনেটত লোৱা আনকেইটামান সিদ্ধান্ত এনেধৰণৰ-

এতিয়াৰে পৰা কোনেও পুলিচ ভেৰিফিকেচন (Police Verification) দিব নালাগে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৷ আদালতৰ পৰা শপতনামা (Court Affidavit) দিলেও হ'ব ৷

DNLA-ই এক পক্ষীয় সিদ্ধান্ত লৈছে ৷ আজিৰ কেবিনেটত ৰাজ্য চৰকাৰে এমাহৰ বাবে যুদ্ধবিৰতি (Ceasefire)ৰ সিদ্ধান্ত লয় ৷ এইসময়ত তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ লৈ ঘূৰিব নোৱাৰিব ৷

নিৱনুৱা সকলে নিয়োগ বিনিময় কেন্দ্ৰ (Employment Exchange)লৈ গৈ নাম পঞ্জীয়ন (Registration) কৰিব নালাগে ৷ আধাৰ কাৰ্ড (Adhar Card)ৰ ভিত্তিত অনলাইনযোগে নাম পঞ্জীয়ন কৰিব পাৰিব ৷

নিৰ্মাণ কাৰ্যৰ বাবে চৰকাৰী কামত বন বিভাগক ৰয়েল্টী দিব নালাগে ৷ ঠিকাদাৰে বিল পোৱাৰ সময়ত আদায় দিলেও হ'ব ৷

শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম লোক (Specially Abled Person)ৰ ক্ষেত্ৰত ৩%ৰ পৰা ৪%লৈ সংৰক্ষণ বৃদ্ধিৰ সিদ্ধান্ত ৷ চাকৰিত নিযুক্তি আৰু পদোন্নতিৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য হ'ব ৷

লগতে মুখ্যমন্ত্ৰীয়ে কেবিনেটত নিৰ্দেশ দিয়ে - ব্যাপক হাৰত কোভিড ভেকচিন দিবলৈ ৷ অভিভাৱক মন্ত্ৰী আৰু সচিব সকলে সংশ্লিষ্ট জিলা সমূহলৈ গৈ পৰ্যবেক্ষণ কৰিব লাগিব ৷
Published by:Manjumoni Borah
First published: