News18 AssamNews18 Assam
|
News18-Assam Updated:August 12, 2020, 6:50 PM IST
Source-Google
ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এখন বিশেষ জাননী।
ৰাজ্যত অব্যাহত আছে কোৰোণাত তাণ্ডৱ। কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্যকৰ্মী সকলে দিন-ৰাতি একাকাৰ কৰিছে। তাৰ মাজতে ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এখন বিশেষ জাননী।
প্ৰথম অৱস্থাত কোৰোণাৰ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে চিকিত্সক, নাৰ্ছক প্ৰাইভেট প্ৰেকটিচ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। যোৱা জুলাই মাহৰ ৩১ তাৰিখলৈকে আৰোপ কৰা হৈছিল নিষেধাজ্ঞা।

এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে কোৰোণাৰ ৰেপিড টেষ্ট। আৰু ৰেপিড টেষ্টত বৃহত্ সংখ্যাত ধৰা পৰিছে কোৰোণাত আক্ৰান্ত লোক। গতিকে আগন্তুক দুমাহলৈ কোনো চৰকাৰী বা বেচৰকাৰী চিকিত্সকে প্ৰাইভেট প্ৰেকটিচ কৰিব নোৱাৰিব বুলি পুনৰ জাননী যোগে জনাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। অহা ছেপ্তেম্বৰ মাহৰ ৩০ তাৰিখলৈকে অব্যাহত থাকিব এই নিষেধাজ্ঞা।