உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ২৭ নৱেম্বৰৰ ভিতৰত ১০০ শতাংশ টিকাকৰণ সম্পূৰ্ণ কৰিব অসমে, লৈছে বিশেষ ব্যৱস্থা 

    ২৭ নৱেম্বৰৰ ভিতৰত ১০০ শতাংশ টিকাকৰণ সম্পূৰ্ণ কৰিব অসমে, লৈছে বিশেষ ব্যৱস্থা 

    মঙলবাৰে নিশা সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে এখন গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্সত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

    মঙলবাৰে নিশা সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে এখন গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্সত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

    মঙলবাৰে নিশা সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে এখন গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্সত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

    • Share this:

    অসমত অহা ২৭ নৱেম্বৰৰ ভিতৰত ১০০ শতাংশ যোগ্য লোককে কমেও এপালিকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সফলতাৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে ৮ নৱেম্বৰৰ পৰা অহা ২৭ নৱেম্বৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰত্যেক ভোটকেন্দ্ৰ এলেকাত 'ঘৰে ঘৰে পদাৰ্পণ' শীৰ্ষক বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে।


    এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত ৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ স্বাস্থ্য বিভাগে ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান জোৰদাৰভাৱে অব্যাহত ৰখাৰ সমান্তৰালকৈ প্ৰত্যেক ভোটকেন্দ্ৰ এলেকাতে স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনীৰ সদস্যৰে গঠিত একোটাকৈ দলে ঘৰে ঘৰে গৈ প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰে ক'ভিড প্ৰতিষেধক গ্ৰহণৰ বিষয়ে জৰীপ চলাই ভোটকেন্দ্ৰ ভিত্তিক প্ৰতিবেদন দাখিল কৰিব।


    দ্বিতীয় পৰ্যায়ত অহা ২২ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী, বিধায়ক, সাংসদ আৰু মুখ্য সচিবৰ পৰা আৰম্ভ কৰি সকলো অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত সচিব, জিলাৰ উপায়ুক্তকে ধৰি ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ বিষয়াসকলৰ প্ৰত্যেকেই একোটাকৈ ভোটকেন্দ্ৰ এলেকাত বাহৰ পাতি ১০০ যোগ্য লোকেই কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱাটো সুনিশ্চিত কৰিব।


    ২৭ নৱেম্বৰৰ ভিতৰতে ১০০ শতাংশ যোগ্য লোকক ক'ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য প্ৰাপ্তি সন্দৰ্ভত মঙলবাৰে (৯ নৱেম্বৰ) নিশা সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে এখন গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্সত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। মুখ্যমন্ত্ৰী ড০ শৰ্মাই নতুন দিল্লীৰ অসম ভৱনৰ পৰা আৰু স্বাস্থ্যমন্ত্ৰী মহন্তই গুৱাহাটীৰ এনএইচএমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা এই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰে।


    মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰধান সচিব ,স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, এনএইচএমৰ ৰাজ্যিক সঞ্চালক, স্বাস্থ্যসেৱা সঞ্চালক, পৰিয়াল কল্যাণ  সঞ্চালক, এনএইচএমৰ কাৰ্যবাহী সঞ্চালকেও ভাগ লোৱা এই ভিডিঅ' কনফাৰেন্সতেই মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নিজ নিজ জিলাত ১০০ শতাংশ ক'ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে।

    Published by:Gautam Barman
    First published: