ৰাজ্যজুৰি বাল্যবিবাহ কৰা লোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে চলোৱা অভিযানক শাসক পক্ষৰ লগতে বিৰোধী পক্ষও সমৰ্থন দিছে ৷ বিৰোধী কংগ্ৰেছৰ লগতে AIUDFয়েও বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাতো বিচাৰিছে ৷
বৃহস্পতিবাৰ নিশাৰে চলিল সমগ্ৰ ৰাজ্যত অভিযান ৷ বাল্যবিবাহ কৰা লোকসকলৰ বিৰুদ্ধে চলা এই ব্যাপক অভিযানত আৰক্ষীৰ জালত পৰিল হাজাৰৰ হিচাপত লোক ৷ আৰক্ষীৰ থানাৰ সন্মুখে সন্মুখে উঠিছে কান্দোনৰ ৰোল ৷ স্বামীসকল ৰঙাঘৰলৈ যাব লগীয়া হোৱাত কমবয়সীয়া পত্নীসকলে কৰিছে হাহাকাৰ ৷
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি চলা এই বাল্যবিবাহ বিৰোধী অভিযানক একেমুখে ৰাজ্যৰ শাসক-বিৰোধীয়ে সমৰ্থন জনাইছে ৷ শাসকীয় BJPৰ বিধায়ক দিগন্ত কলিতাই ক'লে— “এয়া আই মাতৃৰ সুৰক্ষাৰ বাবে লোৱা পদক্ষেপ ৷ বাল্যবিবাহ অভিযানে মুখ্যমন্ত্ৰীয়ে এটা বাৰ্তা দিব বিচাৰিছে । আইনৰ ঊৰ্ধত কোনো নহয় ৷”
বিধায়ক মানৱ ডেকায়ে আইন নমনা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ পোষকতা কৰি ক'লে— “১৮বছৰৰ তলৰ বিয়া পতাসকল POCSO আইনত পৰে ৷ আইন মনা নাই তাৰ বাবে কঠোৰ হৈছে চৰকাৰ ৷ বাল্যবিবাহ বে-আইনী, ইয়াৰ বিৰুদ্ধে এক্সন হৈছে ৷”
শাসকীয় পক্ষৰ লগতে বিৰোধী পক্ষয়েও সমৰ্থন জনালে মুখ্যমন্ত্ৰীৰ পদক্ষেপক ৷ বিৰোধী কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ক'লে— “ব্যক্তিগতভাৱে মই বাল্যবিবাহৰ ঘোৰ বিৰোধী ৷ বাল্য বিবাহ বন্ধ হ'ব লাগে আৰু এইক্ষেত্ৰত চৰকাৰে কাম কৰিব লাগে ৷”
একেদৰে AIUDFৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামেও বাল্যবিবাহৰ বিৰোধিতা কৰি ক'লে— “চৰকাৰে আচলতে বহু আগতেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ৷ পলমকৈ হ'লেও চৰকাৰে সাৰ পাইছে ভাল হৈছে ৷ লগতে ছোৱালীবোৰৰ কথাও ভাৱক চৰকাৰে ৷”
Published by: Kokil Sarma
FIRST PUBLISHED : February 03, 2023, 23:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।