ৰাজ্যত বন্ধ হ'ব বাল্য বিবাহ ৷ বাল্য বিবাহ বন্ধৰ বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ ২০২৩,২৪ ৰ বাজেটত ২০০ কোটি টকা ধাৰ্য্য ৷ বিত্ত মন্ত্ৰীৰ বাজেটৰ সমান্তৰালকৈ সোমবাৰে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে চৰকাৰী সিদ্ধান্ত ৷
প্ৰতিটো বাল্যবিবাহ গোচৰত চৰকাৰে প্ৰদান কৰিব অধিবক্তা ৷ বাল়্য বিবাহ ৰোধৰ ক্ষেত্ৰত প্ৰতি তিনি মাহৰ মূৰে মূৰে চৰকাৰে চলাব অভিযান ৷ কোনো কাৰণত বাল্যবিবাহ হ'ব নোৱাৰে অসমত ৷ যিকোনো কাৰণৰ বিনিময়ত বন্ধ কৰাৰ বাবে চৰকাৰৰ ল'ব কঠোৰ ব্যৱস্থা ৷ স্কুলত পঢ়ি থকা সময়ত একে বেন্সত বহা ছোৱালী এজনী যদি হঠাৎ স্কুললৈ নহাকৈ যদি ছোৱালী গৰাকীয়ে বিয়াত বহিছে তেন্তে লগৰ ছোৱালীয়ে চৰকাৰক ফোন কৰি জনাব পাৰিব ৷ চৰকাৰক জনালে চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা ৷ মুখ্যমন্ত্ৰীয়ে সদনত লগতে কয় যে - চেঙা, বাঘবৰত ২৩ বছৰীয়া ছোৱালীয়ে কোলাত দুটা বাচ্চা, আগফালে দুটা বাচ্চা লৈ মিটিঙলৈ আহে ৷ সন্দিকৈ কলেজত যিসময়ত ছোৱালীয়ে ২৩ বছৰত পোষ্ট গ্ৰেজুৱেট কৰে ৷ এয়াই ৰাজ্যৰ পৰিবেশ ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 20, 2023, 14:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।