দুটাতকৈ অধিক সন্তান থাকিলে আবেদন কৰিব নোৱাৰিব চৰকাৰী চাকৰিত

নতুন জনসংখ্যা নীতি অনুসৰি ২০২১ পিছত চাকৰি বিচৰা প্ৰাৰ্থীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব।

News18-Assam
Updated:October 21, 2019, 10:03 PM IST
দুটাতকৈ অধিক সন্তান থাকিলে আবেদন কৰিব নোৱাৰিব চৰকাৰী চাকৰিত
Source-Google
News18-Assam
Updated: October 21, 2019, 10:03 PM IST
সোমবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকত লোৱা হয় বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰী চাকৰিত আবেদন কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বান্ধি দিছে এক নতুন নিয়ম। দুটাতকৈ অধিক সন্তান থকা কোনো ব্যক্তিয়ে আবেদন কৰিব নোৱাৰিব চৰকাৰী চাকৰিত। নতুন জনসংখ্যা নীতি অনুসৰি ২০২১ পিছত চাকৰি বিচৰা প্ৰাৰ্থীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। অন্যথা চৰকাৰী চাকৰিব পৰা বঞ্চিত হ’ব লাগিব।
আৰু চাওক পৰৱৰ্তী বাতৰি