• Home
  • »
  • News
  • »
  • assam
  • »
  • তিনি লাখ সাধাৰণ গোচৰ নিষ্পত্তি কৰিব অসম চৰকাৰে, কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

তিনি লাখ সাধাৰণ গোচৰ নিষ্পত্তি কৰিব অসম চৰকাৰে, কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমত বহু লক্ষাধিক সাধাৰণ গোচৰ অমীমাংসিত গোচৰ হিচাপে আছে।

অসমত বহু লক্ষাধিক সাধাৰণ গোচৰ অমীমাংসিত গোচৰ হিচাপে আছে।

অসমত বহু লক্ষাধিক সাধাৰণ গোচৰ অমীমাংসিত গোচৰ হিচাপে আছে।

  • Share this:
দেওবাৰে অসম চৰকাৰে কেবিনেট বৈঠকত প্ৰায় তিনি লাখ সাধাৰণ গোচৰ নিষ্পত্তিৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই কথা বৈঠকৰ সামৰণিৰ পাছত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । তেখেতে কয় যে অসমত বহু লক্ষাধিক সাধাৰণ গোচৰ অমীমাংসিত গোচৰ হিচাপে আছে। এই সিদ্ধান্তৰ ফলত গোচৰৰ বেকলগ হ্ৰাস পাব আৰু কাৰাগাৰৰ কয়দীৰ ভিৰ কমিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Crpcৰ ৩২১ ধাৰাৰ অধীনৰ ৪ লাখ ১৯ হাজাৰ গোচৰ ভিতৰত প্ৰায় ৩ লাখ গোচৰ নিষ্পত্তি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

চৰকাৰে অতি সোণকালে সংশ্লিষ্ট গোচৰ সন্দৰ্ভত উপযুক্ত আৱেদন দাখিল কৰাৰ বাবে চৰকাৰী অধিবক্তাক নিৰ্দেশনা আৰু বিতং sop জাৰী কৰিব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি