আইনজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাইহে কেন্দ্ৰক জমা দিয়া হ’ব অসম চুক্তিৰ ৬ নং দফা কমিটীৰ প্ৰতিবেদনঃ হিমন্ত বিশ্ব শৰ্মা

দেওবাৰে হোৱা বৈঠকত অসমৰ ৬ জনগোষ্ঠীৰ জনাজাতিকৰণৰ বিষয়টোৱেও স্থান পোৱা বুলি অৱগত কৰে NEDAৰ আহ্বায়কগৰাকীয়ে।
দেওবাৰে হোৱা বৈঠকত অসমৰ ৬ জনগোষ্ঠীৰ জনাজাতিকৰণৰ বিষয়টোৱেও স্থান পোৱা বুলি অৱগত কৰে NEDAৰ আহ্বায়কগৰাকীয়ে।
- News18 Assam
- Last Updated: September 20, 2020, 9:11 PM IST
দেওবাৰে হোৱা বৈঠকত অসমৰ ৬ জনগোষ্ঠীৰ জনাজাতিকৰণৰ বিষয়টোৱেও স্থান পোৱা বুলি অৱগত কৰে NEDAৰ আহ্বায়কগৰাকীয়ে। এই সন্দৰ্ভত তেওঁ কয় – ‘গৃহমন্ত্ৰীয়ে এই বিষয়ত অসম চৰকাৰৰ মন্ত্ৰী গোটক এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে। উল্লেখযোগ্য যে, জনজাতিকৰণৰ কাৰণে ২০১৯ চনৰ জানুৱাৰী মাহতে ৰাজ্যসভাত ‘The Constitution (Scheduled Tribe) Order (Amendment) Bill 2019’ সেই সময়ৰ জনাজাতি পৰিক্ৰমা মন্ত্রীয়ে উত্থাপন কৰিছিল ।
দেওবাৰৰ আলোচনাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগইও স্থান পায়। শর্মাই জনোৱা মতে, NRCৰ সীমান্ত জিলা সমূহত ২০ শতাংশ পুনৰীক্ষণ আৰু আন জিলাত ১০ শতাংশ পুনৰীক্ষণৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্ৰস্তাৱক সমৰ্থন জনাইছে কেন্দ্রই। ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ত শপতনামাও দাখিল কৰিব দুয়োখন চৰকাৰে।