অসমত নহয় লকডাউন। কিন্তু কোভিডৰ পৰা বাচিবলৈ সকলোৱে ভেকচিন লব লাগিবঃ মুখ্যমন্ত্ৰী
অসমত নহয় লকডাউন। কিন্তু কোভিডৰ পৰা বাচিবলৈ সকলোৱে ভেকচিন লব লাগিবঃ মুখ্যমন্ত্ৰী
দুৰ্গা পূজাৰ পিছৰ পৰাই পুনৰ ৰাজ্যত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। কোৰোণাৰ সংক্ৰমণ বাঢ়ি অহাৰ লগে লগে আকৌ লকডাউন হ'ব পাৰে বুলি বহুতে সন্দেহ কৰিছে। এই সম্পৰ্কত এইবাৰ স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অসমত নহয় লকডাউন। কিন্তু কোভিডৰ পৰা বাচিবলৈ সকলোৱে ভেকচিন লব লাগিব।মৰিয়নিৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, শীঘ্ৰে ১৭-১৮ বছৰৰ ল'ৰা-ছোৱালীকো দিয়া হ'ব কোভিড ভেকচিন।
আনহাতে যিসকল লোকে ইতিমধ্যে কোৰোণাৰ প্ৰথম পালি ডোজ গ্ৰহণ কৰিছে, সেইসকলকো সময়কত দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে শীঘ্ৰে ৰাজ্যত ঘোষণা হ'ব পাৰে কোৰোণাৰ নতুন নীতি-নিৰ্দেশনা। আৰু এই বিধি অনুসৰি ১৭ৰ পৰা ১৮ বছৰৰ ল'ৰা-ছোৱালীকো দিয়া হ'ব ভেকচিন ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|