'অনলাইনৰ জৰিয়তে বৰ্তমান employment Exchangeত ৰাতি দুটা বজাতো নামভৰ্তি কৰিব পাৰে ৷ নৌকৰী ডট কমৰ দৰে আমি চৰকাৰৰ পৰাও এটা এপ বনাম ৷ কোন কোন ল'ৰা-ছোৱালীয়ে কিমান ডিগ্ৰীধাৰী? তাক উলিয়াই লম আৰু সেই এপত সংযোগ কৰি দিম ৷ ক'ৰবাত চাকৰি ওলালে লগে লগে ল'ৰা-ছোৱালীয়ে SMS পাই যাব ৷'- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত ভাষণ প্ৰদান কৰি বহুকেইটা বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,'আমি বহু বেছি হুলস্থূল নকৰাকৈ কাম কৰি আছো ৰাইজৰহৈ ৷ অনলাইনত কাম হৈ আছে ৷ চাইলেণ্ট ৰিভলিউশ্যন হৈছে ৷ প্ৰথমবাৰৰ বাবে মানুহে কাম কৰা আৰম্ভ কৰিছে ৷ নৌকৰী ডট কমৰ দৰে আমি চৰকাৰৰ পৰাও এটা এপ বনাম ৷ কোন কোন ল'ৰা-ছোৱালীয়ে কিমান ডিগ্ৰীধাৰী? তাক উলিয়াই লম আৰু সেই এপত সংযোগ কৰি দিম ৷'
ইফালে ১ লাখ নিবনুৱাক চাকৰি প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,'এক লাখ নিযুক্তি হ'বই। মই কৈছো এক লাখৰ এটাও কম নহয় ৷ এইক্ষেত্ৰত চেলেঞ্জ কৰি লাভ নাই। গ'ল খাই যাব ৷ মোক চেলেঞ্জহে কৰিব লাগে যে, এক লাখ কিয়, দুই লাখ দিয়ক, দুই লাখ কিয় পাঁচ লাখ দিয়ক বুলি ৷'