• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি বানত ক্ষতিগ্ৰস্ত লোকে লাভ কৰিব সাহায্য, দিনৰ ১২.৩০ বজাত একাউণ্টত সোমাব ধন

আজি বানত ক্ষতিগ্ৰস্ত লোকে লাভ কৰিব সাহায্য, দিনৰ ১২.৩০ বজাত একাউণ্টত সোমাব ধন

কামৰূপত ২০,৬১৫জন লোকে পাব সাহায্য। দৰঙত ১০,১৯৫জন লোকে লাভ কৰিব সাহায্য। কাছাৰত ৮১,৫৩৮ নগাঁৱত ১৫,২০০জনে পাব সাহায্য।

  • Share this:
আজি বানত ক্ষতিগ্ৰস্ত লোকলৈ বানসাহায্য মোকলাই দিব ৰাজ্য চৰকাৰে। জনতা ভৱনত সংবাদ মেলযোগে এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে কয়, ‘‘২ লাখ ৪৩ হাজাৰ ৪৮ গৰাকী লোকৰ বাসগৃহ সম্পূৰ্ণ বা প্ৰায় সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল। সাহায্যৰ বাবে ১০০ কোটি ১০ লাখ টকা মুকলি কৰি দিছে চৰকাৰে। কাছাৰ জিলাত সৰ্বাধিক ৮১,৫৩৮ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। কৰিমগঞ্জত ২৮,৩৬৪ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। ৫,১৮৫টা ঘৰ সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হৈছে বানত। আজিৰ দিনটোতে চৰকাৰে এই ধন মুকলি কৰি দিব।’’

৩৪খন জিলাৰ বানাক্ৰান্তক সাহায্য দিব চৰকাৰে। আজি দিনৰ ১২:৩০ বজাত একাউণ্টত সোমাব ধন। DBTৰ জৰিয়তে একাউণ্টত সোমাব ধন। প্ৰতিটো একাউণ্টত এটকাকৈ দি ভেৰিফাই কৰা হৈছে, দুই তৃতীয়াংশই আজি লাভ কৰিব ধন। ১ লাখ ৩১ হাজাৰ ৯৮টা বেংক একাউণ্টত আজি সোমাব সাহায্যৰ ধন।

কামৰূপত ২০,৬১৫জন লোকে পাব সাহায্য। দৰঙত ১০,১৯৫জন লোকে লাভ কৰিব সাহায্য। কাছাৰত ৮১,৫৩৮ নগাঁৱত ১৫,২০০জনে পাব সাহায্য।

বানত সকলো হেৰুওৱা ৩০৯টা পৰিয়াললৈ বিশেষ সাহায্য প্ৰদান কৰা হ’ব। বৰ্তমান মথাউৰিত আশ্ৰয় লৈ আছে পৰিয়ালকেইটাই। ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ’ব ১ লাখকৈ টকা। ছেপ্টেম্বৰৰ পৰা পুনৰ দলং, মথাউৰি নিৰ্মাণ আৰম্ভ হ’ব। বানে ভঙা মথাউৰি, দলং নিৰ্মাণ কৰা হ’ব। সংবাদমেলত ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
Published by:Sanjay Kumar Das
First published: