দিব্যাংগসকলৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত প্ৰতিজন দিব্যাংগ লোকক হুইল চেয়াৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আজি আমিনগাঁৱত আন্তৰ্জাতিক দিব্যাংগ দিৱস আৰু সামাজিক অধিকাৰিতা শিবিৰত উপস্থিত থাকি এই কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগো।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘‘ভগৱান কৃষ্ণৰ যিমান অংগ, সেইসকলক আমি দিব্যাংগ বুলি কওঁ। এই ধৰণৰ এটা মৰ্যাদা দিয়া হৈছে দিব্যাংগসকলক। এই মৰ্যাদা দিছে প্ৰধানমন্ত্ৰীয়ে। দিব্যাংগ বুলি কোৱাৰ লগে লগে ভগৱানৰ লগত তুলনা হোৱাত সমাজৰ দৃষ্টি সলনি হল। চাকৰিৰ ক্ষেত্ৰত ৩% পৰা ৪% বৃদ্ধি কৰা হল এওঁলোকৰ বাবে। ১ ডিচেম্বৰ দিনা দিব্যাংগৰ বাবে এটা Director of social justice and empowerment নামেৰে সঞ্চালকালয় মুকলি হৈছিল। আজিৰে পৰা ইয়াৰ কাম আৰম্ভ হৈছে।’’
দুই এদিনতে কেবিনেটতদিব্যাংগসকলৰ ক্ষেত্ৰত বিভিন্ন সংগঠনে দিয়া উপদেশসমূহৰ বিষয়ে আলোচনা কৰিব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয়, যোৱা বছৰ আমি দিনদয়াল উপাধ্যায় দিব্যাংগ আঁচনি লৈছিলোঁ। দিনদয়াল উপাধ্যায়ে আমাক এক নতুন পথ দি গৈছিল। ১০০০ টকা পোৱাৰ ব্যৱস্থা কৰিছো। এই পেঞ্চনৰ টকা প্ৰতি মাহৰ ১০ তাৰিখে বেংকৰ জৰিয়তে লাভ কৰিব। ২০০০০ টকাৰ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন আঁচনিৰ জৰিয়তে আজি আমি ৰাজ্যৰ ৪৯৪৩ গৰাকী দিব্যাংগ ব্যক্তিক হুইল চেয়াৰ দিয়াৰ ব্যৱস্থা কৰিছো। ২০২২ চনৰ ডিচেম্বৰৰ আগত প্ৰতিজন দিব্যাংগক হুইল চেয়াৰ যোগান ধৰিম বুলিও কয় মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, আপোনালোকে পৰামৰ্শ দিব, চৰকাৰে দিব্যাংগৰ বাবে কৰিবলগীয়া কামবোৰ কৰি যাব। বশিষ্ঠৰ অন্ধ বিদ্যালয় আৰু ভাউৰী দেৱী চেৰাওগী মূকবধিৰ বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যাললৈ উন্নীত কৰা হ'ব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|