ৰাজ্যৰ মহিলালৈ ভাল খবৰ! ৰাজ্য চৰকাৰে দিব ৫০ হাজাৰকৈ টকা, জানি লওক সবিশেষ

১ লাখ মহিলা আত্মসহায়ক গোটক ৰাজ্য চৰকাৰে দিব ৫০ হাজাৰকৈ টকা
১ লাখ মহিলা আত্মসহায়ক গোটক ৰাজ্য চৰকাৰে দিব ৫০ হাজাৰকৈ টকা
- News18 Assam
- Last Updated: October 8, 2020, 12:28 PM IST
ইয়াৰ উপৰিও কেবিনেটত লোৱা হয় বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ
- ষষ্ঠ অনুসূচীৰ বহিৰ্ভূত এলোকাক সামৰি বড়োলোকৰ উন্নয়নৰ বাবে বড়ো-কছাৰী স্বায়ত্ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত ৷
- চৰকাৰী নিযুক্তিৰ বাছনি পৰীক্ষাসমূহৰ দায়িত্ব এতিয়াৰে পৰা কোনো ব্যক্তিগত প্ৰতিষ্ঠানক দিব নোৱাৰিব। বিশ্ববিদ্যালয়ৰ জৰিয়তে নাইবা চৰকাৰী বিভাগে নিজৰ দায়িত্বত পাতিব লাগিব পৰীক্ষা৷
- উপ-পৰিদৰ্শক, গ্ৰাম্য উন্নয়ন আদি বিভাগৰ পদসমূহৰ হ'বলগীয়া পৰীক্ষা এতিয়া বিশ্ববিদ্যালয়ৰ দ্বাৰা সম্পাদিত হ'ব ৷
- এডভোকেট জেনেৰেলক কেবিনেট মৰ্যাদা প্ৰদান ৷ APSCত বৰাকৰ প্ৰাৰ্থীৰ বাবে অসমীয়া ভাষা বাধ্যতামূলক নহয় ৷ বাঙালী,অসমীয়া,বড়ো ভাষাত দিব পাৰিব পৰীক্ষা ৷ APSCত মহিলাৰ সদস্য সংখ্যা এগৰাকীতকৈ অধিক হ'ব পাৰিব ৷
- বিটিএডিৰ সকলো চাইন ব'ৰ্ডত অসমীয়া ভাষা হ'ব বাধ্যতামূলক ৷ সকলো ডেভেলপমেণ্ট কাউঞ্চিলৰ ন্যূনতম সদস্য সংখ্যা ২৫, সৰ্বাধিক ৪৫ ৷
- গাওঁবুঢা়ৰ দৰমহা ৬,৫০০ৰ পৰা ৯,০০০ হ'ল ৷ মাজুলীত দুটাকৈ ফৰেষ্ট অফিচ, বীট অফিচ ৪টা হ'ব ৷
- ৪২৮খন বাগানৰ শিক্ষাৰ্থীক বিনামূলীয়া ব্ৰেকফাষ্ট, লান্স, পোছাক দিয়া হ'ব ৷
- বাগানৰ tea plantation fund schemeৰ জমা পইচা ১ৰ পৰা ২লাখলৈ বঢ়োৱা হ'ল ৷
- আমিনগাঁৱৰ ২৩ বিঘা নেশ্যনেল ফিচাৰী ডেভেলপমেণ্টক দিয়া হ'ব ৷