চৰকাৰী সোণেৰে শুৱনি হ’ব ন-কইনা, ছেপ্তেম্বৰৰ ভিতৰত ন-কইনাক চৰকাৰে দিব উপহাৰ

Source-Google
সংবাদ মেলৰ জৰিয়তে বিবাহ কাৰ্য সম্পন্ন কৰা সকলোকে বিবাহৰ পঞ্জীয়ণ কৰাবলৈও অনুৰোধ জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- News18 Assam
- Last Updated: August 29, 2020, 7:43 PM IST

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, অৰুন্ধতী আঁচনিৰ অধীনত এতিয়ালৈকে মাত্ৰ ৪২৭ গৰাকী ন-কইনাইহে এক টোলা সোণৰ মূল্য আনুমানিক ৩০ হাজাৰকৈ টকা লাভ কৰিব।অৰুন্ধতী আঁচনি ঘোষণাৰ পূৰ্বে ৰাজ্য চৰকাৰে বছৰত এক লাখ দৰা-কইনাৰ বিবাহ পঞ্জীয়ণ হ’ব বুলি আশা কৰি ৰাজকোষত ধন জমা ৰাখিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাবে বিগত বছৰত মাত্ৰ ৪২৭ খন বিয়াহে পঞ্জীয়ণ হ’ল।

এই ৪২৭ গৰাকী কইনাই অহা ছেপ্তেম্বৰ মাহৰ ভিতৰত লাভ কৰিব এটোলা সোণৰ মূল্য। লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, চৰকাৰে চলিত বৰ্ষত ধাৰ্য কৰা ৩০ হাজাৰৰ লগত আৰু ১০ হাজাৰ টকা যোগ কৰি প্ৰত্যেক পঞ্জীয়ণপ্ৰাপ্ত কইনাক এক টোলা সোণৰ বাবদ ৪০ হাজাৰ টকাকৈ প্ৰদান কৰিব। সংবাদ মেলৰ জৰিয়তে বিবাহ কাৰ্য সম্পন্ন কৰা সকলোকে বিবাহৰ পঞ্জীয়ণ কৰাবলৈও অনুৰোধ জনায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।