১৬,৯৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ২০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য, ৮ হাজাৰ নামঘৰলৈ আগবঢ়াব ২.৫ লাখকৈ টকা

News18 Assam | News18-Assam
Updated:August 29, 2020, 5:08 PM IST
১৬,৯৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ২০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য, ৮ হাজাৰ নামঘৰলৈ আগবঢ়াব ২.৫ লাখকৈ টকা
Source-Google

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

  • Share this:
চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীলৈ ৰাজ্য চৰকাৰে আগবঢ়াব ২০ হাজাৰকৈ টকা। প্ৰতিগৰাকী শিক্ষাৰ্থীক একাউণ্ট যোগে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ২০ হাজাৰকৈ টকা। অহা ১২ ছেপ্তেম্বৰৰ পৰা লাভ কৰিব ধনৰাশি।

যিহেতু ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বঁটাৰ অধীনত লেপটপ প্ৰদান কৰা হয়, কিন্তু এইবাৰ কোৰোণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আগতীয়াকৈ কিছু কাম সম্পন্ন কৰিব নোৱাৰিলে। সেইদৰে চীনৰ পৰাও লেপটপৰ কিছু পাৰ্টচ অনা হয়। কিন্তু এইবাৰ সেয়া সম্ভৱ হৈ নুঠিল। গতিকে ৰাজ্য চৰকাৰে ষ্টাৰ মাৰ্ক প্ৰাপ্ত সকলক লেপটপৰ পৰিৱৰ্তে এইবাৰ ২০ হাজাৰকৈ টকা যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।



ইয়াৰ উপৰিও ৰাজ্যৰ প্ৰায় ৮,০০০ নাঘৰলৈ ৰাজ্য চৰকাৰে আগবঢ়াব নগদ আঢ়ৈ লাখকৈ টকা।  প্ৰতিটো সমষ্টিৰ ৫৫টাকৈ নামঘৰ সামৰি লোৱা হ’ব এই আঁচনিৰ জৰিয়তে। কিন্তু মন্দিৰ, মছজিদ,গীৰ্জা ইয়াৰ আওতালৈ নাহে। সমষ্টিৰ নামঘৰ বাচনি কৰিব জিলা উপায়ুক্তই।
Published by: Himangshu Bhuyan
First published: August 29, 2020, 5:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading