নিজৰ অঙহী-বঙহীক চাকৰি দিছিল কংগ্ৰেছে, চৰকাৰৰ প্ৰতিশ্ৰুতি মৰ্মে ১ লাখ চাকৰিৰ প্ৰক্ৰিয়া চলি আছেঃ জয়ন্ত মল্ল বৰুৱা
নিজৰ অঙহী-বঙহীক চাকৰি দিছিল কংগ্ৰেছে, চৰকাৰৰ প্ৰতিশ্ৰুতি মৰ্মে ১ লাখ চাকৰিৰ প্ৰক্ৰিয়া চলি আছেঃ জয়ন্ত মল্ল বৰুৱা
১ লাখ চাকৰি প্ৰদানৰ লক্ষ্যৰে আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। যোৱা মঙলবাৰে সম্পূৰ্ণ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তি। বৰ্ষপূৰ্তিৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীয়ে জনাইছিল যে, ১৪ মে’ত বিশেষ কার্যসূচীৰ জৰিয়তে শিক্ষা বিভাগ, গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ চাকৰিত ২৩ হাজাৰ বাছনিকৃত প্রার্থীৰ হাতে হাতে তুলি দিব নিযুক্তি-পত্র। কাইলৈৰ দিনটোৰ বাবে এতিয়া প্ৰস্তুতি তুংগত। এই সময়তে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই কৰিছে বিশেষ মন্তব্য।
জয়ন্ত মল্ল বৰুৱাৰ মতে অহা ডিচেম্বৰৰ ভিতৰত চৰকাৰে পূৰণ কৰিব ১ লাখ চাকৰি প্ৰদানৰ লক্ষ্য। বিধায়গৰাকীয়ে লগতে কয় যে, 'চৰকাৰৰ প্ৰতিশ্ৰুতি মৰ্মে ১ লাখ চাকৰিৰ প্ৰক্ৰিয়া চলি আছে। কাইলৈ প্ৰাথমিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ২০২২ৰ ডিচেম্বৰৰ ভিতৰত ১ লাখ সম্পূৰ্ণ কৰিম। যিসকলে এটাও চাকৰি দিয়া নাই, চাকৰি কেনেকৈ দিয়ে নাজানে বাবে সমালোচনা কৰিছে বিৰোধীয়ে।'
নিজৰ অঙহী-বঙহীক চাকৰি দিছিল কংগ্ৰেছেঃ জয়ন্ত মল্ল বৰুৱাই
জয়ন্ত মল্ল বৰুৱাই লগতে কয় যে, ' কংগ্ৰেছে পূৰ্বতে লগাই থোৱা খেলিমেলিবোৰ ঠিক কৰিবলৈয়ে সময়ৰ প্ৰয়োজন হৈছে।নিজৰ অঙহী বঙহীক দিবলৈ কংগ্ৰেছে পূৰ্বতে অযথা পদ সৃষ্টি কৰিছিল। আজমলক পিঠিত উঠিবলৈ কোনোবা এটা লাগিবই। কংগ্ৰেছৰ পিঠিত উঠি এতিয়া বাকীবোৰৰ পিঠিত উঠিব। গান্ধীক বাদ দিলেহে কংগ্ৰেছ দলটো উঠিব পাৰিব।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|