• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ কেনেদৰে উদযাপন কৰা হ’ব দুৰ্গা পূজা? কি কি নিয়ম মানিব লাগিব? থাকিবনে আগৰ দৰে উছাহ?

এইবাৰ কেনেদৰে উদযাপন কৰা হ’ব দুৰ্গা পূজা? কি কি নিয়ম মানিব লাগিব? থাকিবনে আগৰ দৰে উছাহ?

এইবাৰ কিদৰে উদযাপন কৰা হ’ব শাৰদীয়া দুৰ্গা পূজা?

এইবাৰ কিদৰে উদযাপন কৰা হ’ব শাৰদীয়া দুৰ্গা পূজা?

এইবাৰ কিদৰে উদযাপন কৰা হ’ব শাৰদীয়া দুৰ্গা পূজা?

  • Share this:
এইবাৰ কিদৰে উদযাপন কৰা হ’ব শাৰদীয়া দুৰ্গা পূজা? এইবাৰৰ দুৰ্গা পূজাত নাথাকে কোনো ধৰণৰ জাকজমকতা। চুইছ গেট, ৰেষ্ট কেম্পৰ লগতে মহানগৰবাসীয়ে দেখা নাপাব পূৰ্বৰ দৰে জাক-জমজমকতা। আনকি দেখা নাপাব ওখ মূৰ্তিৰ প্ৰতিমা।

কোৰোণা মহামাৰীৰ বাবে এইবাৰ একেবাৰে অনুষ্টুপীয়াকৈ দুৰ্গা পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পূজা কমিটীসমূহে। মহানগৰীৰ ৭৫ শতাংশ পূজা কমিটীয়ে দেৱীৰ প্ৰতিমাৰ সলনি কৰিব ঘট পূজা। ইয়াৰ উপৰিও কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পূজা কমিটীসমূহে সাংস্কৃতিক সন্ধ্যা বাতিল কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।



এই সন্দৰ্ভত বুধবাৰে গুৱাহাটী জিলা প্ৰশাসন আৰু আৰক্ষী উচ্চ পদস্থ বিষয়াৰ সৈতে পূজা কমিটীৰ বিষয়-ববীয়াসকল এখন বৈঠকত মিলিত হয়। বৈঠকত ২০০ৰো অধিক পূজা সমিতিৰ মতামত গ্ৰহণ কৰে জিলা প্ৰশাসনে। আৰু বৈঠকত লোৱা সিদ্ধান্ত সমূহ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰাৰো সিদ্ধান্ত লয়। আৰু চৰকাৰৰ ফালৰ পৰা দিবলগীয়া নিৰ্দেশাৱলীক সন্মান জনাই আয়োজন কৰিব এইবাৰৰ দুৰ্গা পূজা।

ইফালে সমাগত বিশ্বকৰ্মা পূজাৰ ক্ষেত্ৰত সামাজিক দূৰত্ব মানি কেৱল ৫০ জন লোক লৈ পূজা আয়োজন কৰাৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে‌। দুৰ্গা পূজাৰ ক্ষেত্ৰত এতিয়া কেৱল অপেক্ষা চৰকাৰৰ নিৰ্দেশনালৈ।
Published by:Himangshu Bhuyan
First published: