নিবনুৱাৰ বাবে ভাল খবৰ!ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৫০ হাজাৰ নতুন নিযুক্তিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

News18 Assam | News18-Assam
Updated:August 28, 2020, 3:28 PM IST
নিবনুৱাৰ বাবে ভাল খবৰ!ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৫০ হাজাৰ নতুন নিযুক্তিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ
ইফালে ৭ ছেপ্তেম্বৰৰ ভিতৰত শিক্ষা বিভাগে আৰম্ভ কৰিব হাইস্কুল পৰ্যন্ত নিযুক্তি প্ৰক্ৰিয়া

ইফালে ৭ ছেপ্তেম্বৰৰ ভিতৰত শিক্ষা বিভাগে আৰম্ভ কৰিব হাইস্কুল পৰ্যন্ত নিযুক্তি প্ৰক্ৰিয়া

  • Share this:
ৰাজ্যৰ নিবনুৱাৰ বাবে ভালখবৰ দিছে ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাজ্যত নতুনকৈ ৫০ হাজাৰ নতুন নিযুক্তিৰ লক্ষ্য বান্ধিছে ৰাজ্য চৰকাৰে। ইফালে অহা ৭ ছেপ্তেম্বৰৰ পূৰ্বে হাইস্কুল পৰ্যন্ত শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাজ্য চৰকাৰে শিক্ষা বিভাগত ৫০ হাজাৰ নতুন পদত নিযুক্তি দিবলৈ লক্ষ্য স্থিৰ কৰিছে। যদি শিক্ষা বিভাগৰ যোগেদি ইমান খিনি সম্ভৱ হৈ নুঠে তেন্তে স্বাস্থ্য আৰু গৃহ বিভাগত নিযুক্তি দিব ৰাজ্য চৰকাৰে। ইতিমধ্যে ৰাজ্য চৰকাৰে ইয়াৰ প্ৰাৰম্ভীক কাম-কাজ আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, শুকুৰবাৰে ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত ৯,৬৩৫ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি দিয়ে চৰকাৰে। ইয়াৰে শীৰ্ষ ৩০০ গৰাকীক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি প্ৰদান কৰে নিযুক্তি পত্ৰ।
Published by: Himangshu Bhuyan
First published: August 28, 2020, 3:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading