ৰাজ্যত প্ৰথমবাৰলৈ নিৰ্মাণ হ’ব বহুকেইটা ৰোড কৰিড’ৰ, শীঘ্ৰে আৰম্ভ হ’ব মাজুলী-লখিমপুৰ সংযোগী দলঙৰ কাম

News18 Assam | News18-Assam
Updated:September 12, 2020, 4:59 PM IST
ৰাজ্যত প্ৰথমবাৰলৈ নিৰ্মাণ হ’ব বহুকেইটা ৰোড কৰিড’ৰ, শীঘ্ৰে আৰম্ভ হ’ব মাজুলী-লখিমপুৰ সংযোগী দলঙৰ কাম
ভাল খবৰ! ৰাজ্যত প্ৰথমবাৰলৈ আৰম্ভ হ’ব ৰোড কৰিড’ৰ নিৰ্মাণৰ কাম। ইতিমধ্যে অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া ৰোড কৰিড’ৰৰ বাবে অনুমোদন জনোৱা হৈছে।

ভাল খবৰ! ৰাজ্যত প্ৰথমবাৰলৈ আৰম্ভ হ’ব ৰোড কৰিড’ৰ নিৰ্মাণৰ কাম। ইতিমধ্যে অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া ৰোড কৰিড’ৰৰ বাবে অনুমোদন জনোৱা হৈছে।

  • News18 Assam
  • Last Updated: September 12, 2020, 4:59 PM IST
  • Share this:
ভাল খবৰ! ৰাজ্যত প্ৰথমবাৰলৈ আৰম্ভ হ’ব ৰোড কৰিড’ৰ নিৰ্মাণৰ কাম। ইতিমধ্যে অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া ৰোড কৰিড’ৰৰ বাবে অনুমোদন জনোৱা হৈছে। সম্পূৰ্ণ ৰাজ্যিক পুঁজি ব্যয় কৰি নিৰ্মাণ কৰা হ’ব ২৮৪ কিলোমিটাৰ ৰোড কৰিড’ৰ। ইয়াৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন জনাইছে ২,৬২৬ কোটি টকা। অহা ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব নিৰ্মাণৰ কাম।

ক’ত ক’ত নিৰ্মাণ হ’ব ৰোড কৰিড’ৰ-


  • নগাঁৱৰ পৰা বটদ্ৰৱা থানলৈ। ২৪ কিলোমিটাৰ পথ ৰোড কৰিড’ৰ হিচাপে নিৰ্মাণ কৰিব। নগাওঁ টাউনৰ পৰা আৰম্ভ হৈ ধিঙত শেষ হ’ব।

  • চৰাইদেউ জিলাত নাহৰআলিত নিৰ্মাণ হ’ব ৰোড কৰিড’ৰ।

  • যোৰহাটৰ পৰা কমাৰবন্ধালৈকে ৩২ কিলোমিটাৰ ৰোড কৰিড'ৰ নিৰ্মাণ কৰা হ’ব।

  • কামৰূপৰ বংশৰ পৰা হাজোলৈকে ৮ কিলোমিটাৰ।


  • দলগাঁৱৰ পৰা বৰছলাহৈ ঢেকীয়াজুলি টাউনলৈকে।

  • ছিপাঝাৰৰ পৰা টংলালৈকে। ২৯৯ কোটি অনুমোদন।

  • ৰঙিয়াৰ কাউভাঙাৰ পৰা নাগ্ৰীজুলিলৈকে ৩১ কিলোমিটাৰ। ইয়াৰ বাবে ধাৰ্য কৰা হৈছে ৩১৯ কোটি টকা।

  • মুকালমুৱাৰ পৰা জাগ্ৰালৈকে ১৬ কিলোমিটাৰ। ১৫৮ কোটি টকা ধাৰ্য।

  • পলাশবাৰীৰ পৰা মিৰ্জাহৈ চান্দডুবীলৈকে। চাৰি লেন যুক্ত পথ হ’ব। লগত থাকিব উৰণীয়া সেতু।

  • বিলাসীপাৰাৰ পৰা ফকীৰগ্ৰামলৈকে।


ইয়াৰ সমান্তৰালকৈ এচিয়ান ডেভেলপমেণ্ট বেংক আৰু ‘Asian Infrastructure Improvement Bank’ ৰ সহায়ত অসম মালাৰ অধীনত বহুকেইটা পথ নিৰ্মাণৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। ইয়াৰো প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা হৈছে।

  • মাজুলীৰ ভোগলপাৰাৰ পৰা ধুনাগুৰিলৈকে। মাজুলী লখিমপুৰ সংযোগী এখন দলং নিৰ্মাণ হ’ব। সোৱণশিৰি আৰু লুইতৰ ওপৰত নিৰ্মাণ হ’ব দলং।

  • শিৱসাগৰৰ সাপেখাতিৰ পৰা  সোণাৰী লৈকে নতুন পথ নিৰ্মাণ হ’ব।

  • ঢকুৱাখনাৰ বুটিকৰ তিনিআলিৰ পৰা তেলিয়াজানলৈকে নতুন পথ।

  • মৰাণৰ পৰা ডুলিয়াজান হৈ ডিগবৈ লৈকে।

Published by: Himangshu Bhuyan
First published: September 12, 2020, 4:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading